Join Whatsapp Group

Join Telegram Group

Class 10 Assamese Question Answer Assam | দশম শ্ৰেণী অসমীয়া | SEBA Class 10 Assamese Answer

(Class 10 Assamese Question Answer Assam, দশম শ্ৰেণী অসমীয়া, Class X Answer in Assamese, SEBA Class 10 Assamese Answer, Question Answer Assam, SEBA Class 10 Assamese Question Answer 2023, Class 10 Assamese Book Question Answer, Online Class 10 Assamese medium, SEBA Class 10 Assamese notes)

SEBA Class 10 Assamese Question Answer, Class 10 Assamese Question Answer to each chapter is given in the list of SEBA Class 10 Notes so that you can easily get through different chapters and select one that suits your needs. To perform well on the test, the Assam Board SEBA Class 10 Assamese Question Answer can be very helpful.

Class 10 Assamese Question Answer

Class 10 Assamese Solutions, SEBA Class 10 Assamese Question Answer The list of class 10 answers for each chapter makes it simple for you.

Class 10 Assamese Question Answer 2023

অসমীয়া class 10 পদ্য়াংশ
পাঠ ১বৰগীত
পাঠ ২জিকিৰ
পাঠ ৩প্ৰশস্তি
পাঠ ৪মই অসমীয়া
পাঠ ৫দৃশ্যান্তৰ
পাঠ ৬ছাত্ৰ জীৱন আৰু সমাজ সেৱা
পাঠ ৭ভাৰতীয় সংস্কৃতি
পাঠ ৮অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
পাঠ ৯নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
পাঠ ১০ইন্টাৰনেটৰ তিতা মিঠা
পাঠ ১১অৰুণিমা সিনহা 
পাঠ ১২অৰণ্য যাত্ৰা
পাঠ ১৩পাৰস্যত এভুমুকি
পাঠ ১৪মুক্তি মঙ্গল ভটিমা
পাঠ ১৫কানাইৰ চাতুৰী
পাঠ ১৬ৰামসিংহৰ অসম আক্রমণ
পাঠ ১৭বিষাদ যোগ

বৰগীত Class 10 Assamese Question Answer Lesson 1

বৰগীত
বিষয় অসমীয়া (Assamese)
কিতাপৰ নামঅসমীয়া সাহিত্য চয়নিকা
খণ্ডপদ্য়াংশ
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
লেখকশ্ৰীশ্ৰীমাধৱদেৱ
শ্ৰেণী দশম (X)
পাঠ 
পাঠৰ নামবৰগীত
পাঠ্যক্ৰম ছেবা (SEBA)

বৰগীত Class 10

বৰগীত class 10 short questions answer

প্রঃ সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ।

অধমে জানিবো কেনে তোমাৰ মহিমা ।।

ক) শ্ৰী শ্ৰী মাধৱদেৱৰ মহিমা। খ)  মহাপুৰুষ শংকৰদেৱৰ মহিমা। গ) হৰিৰ মহিমা।  ঘ) গোবিন্দগিৰী ভূঞাৰ মহিমা।

উঃ গ) হৰিৰ মহিমা

প্রঃ তলৰ কোনটো নীতি বৰগীতৰ লক্ষণ  ?

ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত  খ)  বৰগীতসমূহ ভোজপুৰী আধুনিক গীত গ)  বৰগীতসমূহ অসমীয়া আধুনিক গীত ঘ)  বৰগীতসমূহ নেৱাৰী, আধুনিক গীত

উঃ ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত

প্রঃ ‘বিষয় বিকলে’ মানে কি ?

ক) মায়াৰ বন্ধনত কাতৰ খ)বিষয়-বাসনাত কাতৰ  গ)ধ্যানৰ চিন্তাত কাতৰ  ঘ)নিগমশাস্ত্ৰৰ বাবে কাতৰ

উঃ  খ)  বিষয়-বাসনাত কাতৰ

প্রঃ মানুহে কেতিয়া মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি বৰগীতটোত উল্লেখ কৰিছে 

ক) সাহিত্য সৌন্দৰ্যৰ জ্ঞান লাভ কৰিব পাৰিলে  খ)ভকতৰ কৃপা লাভ কৰিব পাৰিলে গ)হৰিৰ কৃপা লাভ কৰিব পাৰিলে  ঘ)সংসাৰৰ সুখ লাভ কৰিব পাৰিলে

উঃ গ) হৰিৰ কৃপা লাভ কৰিব পাৰিলে

প্রঃ তলত উল্লেখ কৰা কোন শাৰী পদে মায়াৰ বন্ধনৰ কথা বুজাইছে ?

ক) আতুৰ ভৈলোহো হৰি বিষয় বিকলে খ)কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ গ)সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ঘ)কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

উঃ খ)  কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ

বৰগীত Class 10 Assamese Question Answer

প্রঃ অর্থ লিখাঃ
নিগম নিগম →শাস্ত্র। ছােড়→ ছিঙি দিয়া। মােহপাশ→মায়াৰ বন্ধন। ধিয়ায়→ধ্যান কৰে। যাহাকু→যিজনক।
প্র : ১। চমুকৈ উত্তৰ দিয়া ।

(ক) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ’ল নামঘােষা।”

(খ) “…নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।”
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?
উঃ কবিয়ে জীৱনে-মৰণে নেৰিবৰ বাবে ভগৱান শ্রীকৃষ্ণক অনুৰােধ কৰিছে।

(গ) তােমাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ?
উঃ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ।।

(ঘ) সনক সনন্দ যােগী যাহাকু ধিয়ায়।
-সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উ : সনক, সনন্দ আদি যােগীসকলে শ্রীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(ঙ) কবি কিহত আতুৰ হােৱা বুলি কৈছে?
উঃ কবি সংসাৰৰ দুখ-যন্ত্রণা, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।

(চ) বৰগীতটি কোনে ৰচনা কৰিছে?
উঃ বৰগীতটি শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছে।

(জ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
উ : কবিয়ে বান্ধৱ বুলি শ্রীকৃষ্ণক সম্বােধন কৰিছে।

(ঝ) মােহ-পাশ’ মানে কি?
উঃ ‘মােহ-পাশ’– মানে মায়াৰ পাশ বা মায়াৰ বন্ধন।

বৰগীত class 10 Assamese Question Answer

প্রঃ চমু টোকা লিখা : 

ব্ৰজাৱলী ভাষাঃ  ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। শ্ৰীমন্ত শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই ভাষাক ব্রজবুলি, ব্রজবোল নামেৰেও জনা যায়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভােজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাইবিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্রয়োেগৰ বাবে শ্রুতিমধুৰ।

প্রঃ ২। বৰগীতৰ তিনিটা লক্ষণৰ বিষয়ে লিখা।
উঃ বৰগীতৰ তিনিটা লক্ষণ হৈছে—
(১) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
(৩) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

প্র : ৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উঃ কবি পৰিচয়ঃ শ্রীশ্রীমাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক। তেওঁ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাতৃ মনােৰমা। শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধর্ম প্রচাৰ কৰিছিল। মাধৱদেৱ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰে পূজাৰী আছিল। তেওঁৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল নামঘােষা’, এহেজাৰটা ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ’ল- আখ্যানমূলক ৰচনা-ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
নাটক— অর্জুন ভঞ্জন বা দধিমথন।
ঝুমুৰা— চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভােজনবিহাৰ।।
তত্ত্বমূলক ৰচনা—জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমল্লিকা।

বৰগীত মূলভাব class 10 Assamese Question Answer

প্র : ৪। বৰগীতটিৰ মূলভাৱ লিখা।
উঃ মূলভাৱঃ শ্রীশ্রী মাধৱদেৱৰ ৰচিত বৰগীতসমূহ ভক্তি তত্ত্বৰে ভৰপূৰ। এই বৰগীতটোৰে কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমার্থক তাকেই ব্যক্ত কৰিছে। পৰমানন্দৰ গৰাকী স্বয়ং কৃষ্ণ৷ তেওঁ সমস্ত জগত ব্যাপী আছে। তেওঁৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি হৈছে। তেওঁ হৈছে নিৰাকাৰ, ত্রাণকর্তা আৰু জগতৰ মুক্তিদাতা। কৃষ্ণৰ লীলা সাধাৰণ মানুহে বুজি নাপায়। সনক, সনন্দ আদি যোগীসকলেও কৃষ্ণক পাবৰ বাবে হেজাৰ বছৰ তপস্যা কৰিছিল। তেনেস্থলত কবিয়ে কৃষ্ণৰ স্বৰূপ কিদৰে বুজিব। জগতপতিৰ সন্ধান নাপাই আমি মায়াত বন্দী হওঁ। ঈশ্বৰক উপলব্ধি কৰিব পাৰিলেই আমি সংসাৰ বন্ধনৰ পৰা মুক্তি পাব পাৰোঁ। কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ চৰণত আশ্রয় লােৱাৰ বাহিৰে অন্য উপায় নাই বুলি নিজকে সমর্পন কৰিছে।

বৰগীত Class 10 Assamese Question Answer ব্যাখ্যা কৰা

(ক) “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।”

সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ ভগৱান শ্রীকৃষ্ণ অনাদি অনন্ত। তেওঁ কৃপাৰ সাগৰ। সনক, সনন্দৰ দৰে মহান যােগীয়ে ধ্যান, তপ কৰি, নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি, সত সহস্র বাৰ এই ধৰাত জন্ম লভিও যাৰ বিষয়ে জানিব নােৱাৰি, একো সীমাই বিচাৰি নাপায়। কিন্তু সেই অনাদি অনন্ত বিশ্বব্রহ্মাণ্ডৰ গৰাকী এই বিশ্বৰ প্ৰতিটো কোণতেই বিৰাজমান। মহাপুৰুষজনাই নিজকে অধম জ্ঞান কৰি কৈছে যে সংসাৰৰ মায়া-মমাহত আৱদ্ধ অধমে কেনেদৰে তেওঁৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিব।

 (খ) “আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।”

সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱ ৰচিত বৰগীতটোৰ পৰা তুলি অনা হৈছে।

প্রসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্রার্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা: সংসাৰৰ মায়া-মমাহৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ হৈছে ভগৱানৰ চৰণত শৰণ লােৱা। যােগী, মহাযােগীসকলে যাৰ মহিমা বুলিব নােৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে কেনেকৈ বুজিব পাৰিব। সংসাৰৰ দুখ যাতনাৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে ভগৱানক কাকূতি কৰিছে যাতে ভগৱানে তেওঁৰ চৰণ কমলত ঠাই দি কবিক উদ্ধাৰ কৰে।

দশম শ্ৰেণী অসমীয়া পাঠ ১ Assamese Question Answer

(গ) তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।”

সংগতিঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ মহাপুৰুষ শ্ৰী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ পাঠটিৰ পৰা লােৱা হৈছে।

প্রসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্রকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই
হ’ল অমূল্য সম্পদ।

ব্যাখ্যাঃ কৃষ্ণ হ’ল পৰম পুৰুষ ভগৱান। তেওঁ আচলতে ভকতৰ অধীন। যিজন নিষ্কাম ভকত তেওঁকহে ভগৱানে ধৰা দিয়ে। কবিৰ মতে কৃষ্ণৰ চৰণ দুখনি তেওঁৰ বাবে মহাধন। ভকতৰ বাবে কৃষ্ণই হৈছে একমাত্র মুক্তিদাতা। কৃষ্ণই ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ ভক্তকে পৰীক্ষা কৰে। গতিকে হৰিয়ে যেন এবাৰলৈ তেওঁক অর্থাৎ ভকতক কৃপা কৰে, এয়ে কবিৰ একমাত্র প্রার্থনা।

প্রঃ ৬। সনক সনন্দ যােগী যাহাকু ধিয়ায়’
সকল নিগমে যাক বিচাৰি নপায়।” —তাৎপর্য বিচাৰ কৰাঁ।
উঃ ইয়াত পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণৰ কথা কোৱা হৈছে। কৃষ্ণই অপাৰ মহিমাৰে সংসাৰৰ দুখ মােচন কৰিছে। তেওঁ নিৰাকাৰ আৰু তেওঁৰ লীলা অপাৰ। সনক, সনন্দৰ দৰে যােগীয়েও ধ্যান কৰি তেওঁৰ মহিমা বুজিব নােৱাৰে। তেনেস্থলত পৰমেশ্বৰৰ মহিমা নিজকে অধম বুলি কৈ মাধৱদেৱে কেনেকৈ বুজিব পাৰিব। এই কথাকেই পদকিৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে।

ভাষা বিষয়ক

১/তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
নপাৰস্তু, কেনে, ভৈলােহাে, তুমিসে,জনেৰ , ।

শব্দআধুনিক ৰূপ।
নপাৰস্তুনাপায়
কেনেকেনেকৈ, কিদৰে
ভৈলােহােহলো
তুমিসেতুমিহে, তুমিয়েই
জনেৰজনৰ, সকলৱ
 কয়

Class 10 Assamese Question Answer Broght

ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হলঃ

(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈওৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা।

(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।

(গ) পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত এই ভাষাৰ কোনাে সম্পর্ক নাই।

(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্রহণ কৰিছে।

(ও) ব্ৰজাৱলী ভাষাটো শক্তিশালী হােৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়ােগ হােৱাৰ বাবে ই অতি শ্রুতি মধুৰ হৈ পৰিছে।

বৰগীত Class 10 Assamese Question Answer অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

(ক) মাধৱদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল ?

উঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰনাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উঃ মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰ আছিল।

(গ) মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?
উঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

প্র: বৰগীত মূলভাব লিখা

উঃ মূলভাৱঃ শ্রীশ্রী মাধৱদেৱৰ ৰচিত বৰগীতসমূহ ভক্তি তত্ত্বৰে ভৰপূৰ। এই বৰগীতটোৰে কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমার্থক তাকেই ব্যক্ত কৰিছে। পৰমানন্দৰ গৰাকী স্বয়ং কৃষ্ণ৷ তেওঁ সমস্ত জগত ব্যাপী আছে। তেওঁৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি হৈছে। তেওঁ হৈছে নিৰাকাৰ, ত্রাণকর্তা আৰু জগতৰ মুক্তিদাতা। কৃষ্ণৰ লীলা সাধাৰণ মানুহে বুজি নাপায়। সনক, সনন্দ আদি যোগীসকলেও কৃষ্ণক পাবৰ বাবে হেজাৰ বছৰ তপস্যা কৰিছিল। তেনেস্থলত কবিয়ে কৃষ্ণৰ স্বৰূপ কিদৰে বুজিব। জগতপতিৰ সন্ধান নাপাই আমি মায়াত বন্দী হওঁ। ঈশ্বৰক উপলব্ধি কৰিব পাৰিলেই আমি সংসাৰ বন্ধনৰ পৰা মুক্তি পাব পাৰোঁ। কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ চৰণত আশ্রয় লােৱাৰ বাহিৰে অন্য উপায় নাই বুলি নিজকে সমর্পন কৰিছে।

প্রঃ বৰগীতৰ তিনিটা লক্ষণৰ বিষয়ে লিখা।

উঃ বৰগীতৰ তিনিটা লক্ষণ হৈছে—
(১) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
(৩) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

প্রঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

উঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ’ল নামঘােষা।

জিকিৰ Class 10 Assamese Question Answer Lesson 2

জিকিৰ
বিষয় অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামজিকিৰ
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
শ্ৰেণীদশম (X)
পাঠ  ২
পাঠ্যক্ৰম ছেবা (SEBA)

জিকিৰ Class 10 Assamese Question Answer

প্রঃ ১। চমু উত্তৰ দিয়াঃ

(ক) জিকিৰৰ ৰচক কোন?
উঃ জিকিৰৰ ৰচক আজান ফকিৰ।

(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উঃ জিকিৰবােৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি।

(গ) জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?
উ : জিকিৰ শব্দটো “জিকৰ” শব্দৰ পৰা আহিছে।

প্র : ২। জিকিৰ শব্দৰ অৰ্থ লিখা। 
উ : জিকিৰ শব্দৰ অৰ্থ হ’ল স্মৰণ কৰা। জিকিৰ শব্দটো “জিকৰ” শব্দৰ পৰা আহিছে। জিকিৰ ৰচক হ’ল আজান ফকিৰ। জিকিৰবােৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। সেয়েহে জিকিৰক ইছলাম ধৰ্মৰ ভকতীয়া গীত বুলি ক’ব পাৰি। ইছলাম ধৰ্মৰ মূল তত্ববােৰ জিকিৰৰ মাজতে নিহিত হৈ আছে।

প্র : ৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
–ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তনিহিঁত ভাৱটি বিশ্লেষণ কৰা।
উঃ মক্কা ইছলাম ধৰ্মীলােকৰ এক পৱিত্র তীর্থস্থান। সেই স্থানলৈ পৱিত্ৰ হৃদয়ৰ গৰাকীসকলেহে তীর্থ কৰিবলৈ গৈ সুফল লভিব পাৰে। অসৎ আৰু অবিশ্বাসী লােক তালৈ গলেও পৱিত্ৰ তীৰ্থৰ সার্থকতা লাভ কৰিব নােৱাৰে। তেনেলােকে মক্কাৰ দুৱাৰত ‘তালি’ মাৰি থাকিবহে পাৰে। তাত প্ৰৱেশ কৰিব নােৱাৰে, যিদৰে শাল-শ’ল মাছৰ লগত যুঁজ দিবলৈ গ’লে দৰিকণা মাছে জিভাৰে তপটপাই থকাৰ বাহিৰে একো কৰিব নােৱাৰে।

ব্যাখ্যা কৰাঃ
প্রঃ ৪। (ক) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ।।
উঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ’ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰী” পাঠটিৰ পৰা তুলি অনা হৈছে।
কথাফাকিৰ জৰিয়তে আজান ফকিৰ চাহাবে মক্কাক ত্রিবেণী সংগমৰ দৰেই পৱিত্র স্থান বুলি উল্লেখ কৰিছে। এই দুই পৱিত্র স্থানৰ উদ্বিতিৰে কবিয়ে মায়ামোহে মানুহক প্রকৃত কৰ্মৰ পৰা আঁতৰাই ৰখা কথাটো বুজাব বিচাৰিছে।

তিৰবেণীৰ ঘাট বা ত্রিবেণী সংগম’ হিন্দুসকলৰ পৱিত্র তীর্থস্থান আৰু মক্কা মুছলমানসকলৰ পৱিত্ৰ তীর্থস্থান। মানুহে এই দুই স্থানৰ দৰ্শন কৰি জীৱনত পুণ্য আর্জিব বিচাৰে। মানুহে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ মাজত যদি ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব নােৱাৰে তেন্তে এনে পৱিত্ৰ স্থানৰ দর্শনে মানুহক মুক্তি প্রদান নকৰে। কিন্তু, মায়া-মোহত বন্দী মানুহে ভগৱানক নিজৰ মাজত উপলব্ধি কৰিব নােৱাৰে। এই মায়াই মানুহক জীৱন সম্বন্ধে প্রকৃত সত্যক উপলব্ধি কৰাত বাধা দিয়ে।

(খ) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত।। (H.S.L.C.-16)
উ : উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰীৰ পৰা তুলি অনা হৈছে।
কথাফাকিৰ জৰিয়তে আজান ফকিৰে আল্লাক প্রার্থনা কৰা আৰু নিজ আত্মাৰ মাজত আল্লাক উপলব্ধি কৰাৰ কথাটোকে প্ৰসংগক্রমে উল্লেখ কৰিছে। পানীয়ে মানুহৰ পিয়াহ দূৰ কৰে; পিয়াহত থকা ব্যক্তি এজনে পানী খাই যেনেদৰে পিয়াহ দূৰ কৰে ঠিক তেনেদৰে জাৰত কঁপি কঁপি থকা ব্যক্তি এজনক জুয়ে উত্তাপ দি জাৰৰ পৰা ৰক্ষা কৰিব পাৰে। 

পিয়াহত থকা ব্যক্তি এজনৰ বাবে পানীৰ প্ৰয়ােজনীয়তা কিমান এই কথা পানীয়ে নাজানে; সেই দৰে অগ্নিয়েও নাজানে জাৰত কঁপি থকাজনৰ বাবে অগ্নিৰ প্রয়ােজন কিমান। এই উপমাৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে যে পৃথিৱীত থকা কোনাে বস্তুৱেই নিজৰ শক্তি আৰু অক্তিত্ব সম্পর্কে জ্ঞাত নহয়। 

মানুহে আল্লা অর্থাৎ ভগৱানক বিচাৰি হাবাথুৰি খায়; আল্লাৰ আশীষ কামনা কৰি মছজিদে-মন্দিৰে ঘূৰি ফুৰে, কিন্তু মন্দিৰ- মছজিদবােৰেই আল্লাক প্রাপ্তিৰ একমাত্র স্থান নহয়। আল্লা অর্থাৎ ভগৱান আছে আমাৰ সকলােৰে হৃদয়ত। পৃথিৱীত ওপজা প্রত্যেকজন ব্যক্ৰিয়েই দৰাচলতে ঈশ্বৰ বা আল্লাৰ দূত। আমি যদি মানুহৰ মংগলৰ কাৰণে কাম কৰোঁ, মানৱ সেৱা কৰোঁ তেন্তে ঈশ্বৰক আমি নিজ আত্মাৰ মাজতে উপলব্ধি কৰিব পাৰিম।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।।
উঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰীৰ পৰা তুলি অনা হৈছে।
কথাফাকিৰ জৰিয়তে কবিয়ে জীৱন আৰু মৃত্যু বিষয়ে বুজাব বিচাৰিছে।

মানৱ জীৱন সকলােৰে প্রিয় কিন্তু এই জীৱন ক্ষণস্থায়ী। জীয়াই থকাৰ সময়খিনিত মানুহে নিজৰ জীৱনটোৰ মহত্ব উপলব্ধি কৰিব নােৱাৰে। মিছা মায়া- মােহত বন্দী হৈ জীৱনটো উপভােগ কৰাতেই মানুহ ব্যস্ত হৈ থাকে। কিন্তু, মৃত্যুয়ে মানুহৰ এই সকলােবােৰ নিমিষতে শেষ কৰি দিয়ে। জীৱনৰ মায়া-মােহ, ঐশ্বর্য-বিভূতিবােৰৰ মৃত্যুৰ পিছত কোনাে অস্তিত্ব নাথাকে। মানুহৰ অহংকাৰ, গৌৰৱ সকলাে মৃত্যুৰ লগতে শেষ হয়। সজাৰ মইনাস্বৰূপ মানুহৰ জীৱনটো যেতিয়াই শেষ হৈ যায়, তেতিয়াই সংসাৰৰ মােহাে নাইকিয়া হয়।

জিকিৰ দশম শ্ৰেণী Class 10 Assamese Question Answer

চমু উত্তৰ দিয়া 

১) জিকিৰ শব্দটো আৰবী কোনটো শব্দৰ পৰা আহিছে ?

ক) মোমিন  খ)  ৰহম  গ)  কুটুব  ঘ) জিকৰ

উঃ ঘ) জিকৰ

২) খোদা ৰছুল ক’ত লুকাই থকা বুলি জিকিৰটোত কৈছে ?

ক) মোমিনৰ আঁৰত  খ) তিৰবেণীৰ ঘাটত  গ) মক্কাৰ দুৱাৰত  ঘ)আচমানত

উঃ ক) মোমিনৰ আঁৰত

৩) যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলামৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে, সেই গীতসমূহক কি বোলে

ক) দেহবিচাৰৰ গীত  খ)  টোকাৰী গীত  গ)  জিকিৰ  ঘ)  বৰগীত  উঃ গ)  জিকিৰ

৪) ‘ ছাত্ৰ জীৱনত অধ্যয়নক আওকাণ কৰাটো উচিত নহয় ‘ 

ওপৰৰ বাক্যটোৰ কোনটো শব্দত উপসৰ্গ ব্যৱহাৰ হৈছে  ?

ক) অধ্যয়ন  খ)  আওকাণ  গ)  ছাত্ৰজীৱন  ঘ)  উচিত

উঃ খ)  আওকাণ

৫) তলত দিয়া কোনটো শব্দ ‘ পিয়াহ ‘ শব্দৰ সমাৰ্থক শব্দ ?

ক) পীৰিতি খ)  ক্ষুধা গ)  দৰিয়া ঘ)  তৃষ্ণা

উঃ ঘ)  তৃষ্ণা

(ক) জিকিৰৰ ৰচক কোন?

জিকিৰ ৰচক হ’ল শাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকিৰ” বুলিও জনা যায়।

জিকিৰবােৰ কিহৰ লগত তুলনা কৰিব পাৰি?

জিকিবােৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

জিকিৰ শব্দটো ‘জিকৰ ’ শব্দৰ পৰাই ওলাইছে। জিকিৰ শব্দৰ মূল অর্থ হ’ল ৰণ কৰা।

অর্থ লিখাঃ
আচমান—আকাশ
আদম—আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ।
কুটুব—ধ্ৰুৱ-নক্ষত্র
তিবেণী—ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।
দৰিয়া—সাগৰ, নদী।

মােমিন— বিশ্বাসী মুছলমান
ৰচুল—দেৱদূত, ঈশ্বৰ প্রেৰিত পুৰুষ, আল্লাৰ দূত।

ৰহম—দয়া

জিকিৰ দশম শ্ৰেণী ভাষা-বিষয়ক 

সমার্থক শব্দ এটাকৈ লিখা ?

চিন্তোভাবোঁ, স্মৰণ কৰোঁ
ঘাটবন্দৰ
পিৰীতিপ্রীতি, প্রেম
আচমানআকাশ

FAQs of জিকিৰ Class 10 Assamese Question Answer

জিকিৰ শব্দৰ অর্থ কি?

উঃ স্মৰণ কৰা।

‘মােমিন’ মানে কি?

উঃ বিশ্বাসী মুছলমান।

জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?

উঃ স্তুতি গীতৰ লগত।

আজান ফকিৰৰ প্রকৃত নাম কি?

উঃ ছৈয়দ মইনুদ্দিন।

ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

উঃ ৰহম’ মানে হ’ল দয়া, গিৰিহঁত’ মানে হ’ল গৰাকী, বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হল দয়াৰ গৰাকী, অর্থাৎ আল্লা বা ভগৱান।

আজান ফকিৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে?

উঃ খ্রীষ্টীয় সপ্তম শতিকাৰ।।

প্ৰশস্তি Class 10 Assamese Question Answer Lesson 3

প্ৰশস্তি কবিতা
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামপ্ৰশস্তি
কবিৰঘুনাথ চৌধাৰী
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় 3
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

প্ৰশস্তি Class 10 Assamese Question Answer

প্র : ১। (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উ : ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল (১) সাদৰী আৰু (2) কেতেকী।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উঃ কিশলয়দলে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উঃ মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উঃ জল, স্থল আৰু অন্তৰীক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উঃ কীচক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে।

প্ৰশস্তি কবিতা Class 10 Assamese Question Answer

প্র : ২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ বিভিন্ন বস্তুক বর্ণনাৰ আওতালৈ আনিছে। পুৱাৰ হেঙুলীয়া বেলি, হৃদয় উদ্বেলিত কৰা নানাৰঙী ফুল, ৰবাৰ টেঙাৰ ফুল, বিৰিখৰ ডালে-ডালে নাচি- বাগি সুমধুৰ সুৰেৰে গীত গােৱা বনৰীয়া পক্ষীৰ কলকলনি, গলী, সহগৰা পৃথিবী তথা বিশ্ব ব্রহ্মাণ্ড ইত্যাদি।

প্রঃ ৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ  প্ৰশস্তি কৰিছে।
উঃ  প্ৰশস্তি নামৰ কবিতাটিত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকর্তা ভগৱানৰ বন্দনা কৰিছে। কিয়নাে ভগৱনৰ অপাৰ কৰুণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীৰ বাসিন্দা হৈছে। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সােণালী কিৰণ, ভিন্নৰঙী, সুগন্ধি ফুলৰ সুষমা, গহে বিৰিখে সুমধুৰ কাকলিৰে নাচি-বাগি জপিয়াই ফুৰা নানাৰঙী চৰাই-চিৰিকটি, নদী, নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি এই সকলােবােৰে পৃথিৱীখনক একনান্দনিক সৌন্দর্য প্রদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধক কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্ৰশস্তি কৰিছে।

প্র: ৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা  লুকাই আছে?
উঃ কবিতাটিৰ মাজেদি “সুন্দৰৰ সাধনা জীৱনৰখেল” এই বাক্যশাৰী বৰ সুৰুৰূপত প্ৰকট হৈছে। প্ৰকৃতিৰ অনবদ্য ৰূপ বর্ণনাত সিদ্ধহস্ত কবি চৌধুৰীদেৱে অতি সুন্দৰকৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ফুটাই তুলিছে। পুৱাৰ হেঙুলীয়া সূৰুযৰ আভাৰে জকমকীয়া পৃথিৱী, নৱগন্নত্রিত কুঁহিপাতে যেন প্রকৃতিদেৱীক বা দি আদৰণি জনাইছে। সুন্দৰৰ সন্ধান কৰোতাজনে প্রকৃতিৰ সাধাৰণ বৰ্ত্তৰ মাজতাে অসাধাৰণ সৌন্দর্যৰ সন্ধান কৰে। বন- বিহুগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপার্থিব সৌন্দর্য। সমগ্র বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো অনু-পৰমাণুতেই কবিয়ে অনাবিল সৌন্দর্যৰ সন্ধান কৰিছে।

প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা Class 10 Assamese Question Answer

প্রঃ প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।
উ: মুলভাৱঃ ৰঘুনাথ চৌধাৰীদেৱে প্ৰশস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দর্যৰাশি বর্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্রকৃতিৰ এই অপূর্ব সৌন্দর্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাগত বিশ্বাসী কবিজনাই সেয়ে অমৃত সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।

পুৱাৰ হেঙুলীয় কিৰণে পৃথিৱী ঢৌৱাই যােৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি-জালি প্রকৃতিদেবীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বােকোচাত ভিন্নৰঞ্জী ফুলৰ সুবাসে চৌদিশ আমােলমােলাই তােলে। সকলােৱে যেন পৰম-পুৰুষ ভগৱানৰ সন্ধান কৰে। সমগ্র বিশ্ব ব্রহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে  শুভ লগনত কবিয়ে সকলােকে মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। বতাহৰ হাে-হােৱনিতাে কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মােহন বেণুৰ ধ্বনি। প্রকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত কবিয়ে যি সৌন্দৰ্যৰ সন্ধান কৰিছে, সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰেই ফলশ্রুতি। কবিতাটেৰ মাজত অনুৰণিত হােৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্রা প্রদান কৰিছে।

প্রঃ  সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে?
উঃ প্ৰশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বর্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন স্ৰজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই-চিৰিকটি, নদী-নিজৰা, ফুল-তৰা-গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দর্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্রাণ কবিজনাই সকলােকে নতশিৰে আহ্বান জনাইছে, কিয়নাে “সত্যম শিৱম সুন্দৰম্।”

প্ৰশস্তি Class 10

৫। ব্যাখ্যা কৰা 

উঠে তৰু শিৰে শিৰে বন বিহঙ্গ।
ছন্দভৰা সুমধুৰ তান,
জল স্হল অন্তৰীক্ষ সকলােতে যেন।
দেৱতাৰ মহা অভিযান।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা “প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকাৰ প্ৰসংগ কবিতাফাকিত অনুৰণিত হৈছে।

গছ-লতিকা, তৰু-তৃণ, চৰাই-চিৰিকটি, নদী-নিজৰা, ফল-ফুলেৰে ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে স্ৰজন কৰিছে। উপজি পুৱাতে বিৰিখৰ ডালে ডালে জপিয়াই-লফিয়াই চৰাই চিৰিকটিবােৰে সুমধুৰ গীত জুৰে। বন-বিহগীৰ কল- কাকলিয়ে সকলােৰে হৃদয়ত আনন্দৰ জোৱাৰ তােলে। এটা নতুন দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্মত লিপ্ত হয়। চৰাই-চিৰিকটি বিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক কৃতজ্ঞতা জনায়। গােটেই বিশ্বব্রহ্মাণ্ডখনেই যেন আনন্দত আত্মহাৰা হৈ ভগৱানৰ আৰতি কৰে। ভাৰতীয় আধ্যাত্মিক দর্শনত বিশ্বাসী কবিয়ে যেন ক’ব বিচাৰিছে “সমস্ত ভূততে ব্যাপী আছে৷ মই হৰি, সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি।”

মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মােহ তন্দ্ৰা তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ প্ৰশস্তি’ নামৰ কবিতাটিৰ অন্তৰ্গত।

কবিতাফাকিৰ মাজেদি কবি ৰঘুনাথ চৌধাৰীদেৱে ভগৱানৰ সৃষ্টিৰ অপাৰ মহিমা বখানিছে।

সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানৰ আৰাধনা কৰিবলৈ বিনম্র আহ্বান জনাইছে। ভগৱানে তেওঁৰ নিপুণ হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে। পুৱাৰ সােণালী কিৰণ ঢালি পূণৰ আকাশত যেতিয়া বেলিটিয়ে ভুমুকি মাৰে, সেই দৃশ্য অতি মনােমুগ্ধকৰ হৈ পৰে। তাৰ সমান্তৰালভাৱে প্রভাতী পক্ষীৰ গুঞ্জনে ৰূপত ৰহন ঢালে। গছ-লতিকা আৰু বহুৰঙীফুলৰ সুৰভি বতাহৰ বােকোচাত উঠি চৌপাশ আমােলমােলাই তােলে। কবিৰ এনে অনুভৱ হৈছে ভূৱন মােহন কৃষৰ বেণু বাদন যেন বতাহৰ ছন্দেছন্দে অনুৰণিত হৈছে। আধ্যাত্মিক চেতনাৰে পুষ্ট কবিজনাই সকলােতে অনুভৱ কৰিছে ভগৱানৰ অস্তিত্ব। সেয়ে ভক্তপ্রাণ কবিয়ে টোপনিৰ মােহ এৰি পৰম সুন্দৰৰ অনুপম সৌন্দর্যসুধা পান কৰি তেখেতৰ প্রতি ভক্তিঅর্থ নিৱেদন কৰিবৰ বাবে আকুল আহ্বান জনাইছে।

প্ৰশস্তি কবিতা Class 10 Assamese Question Answer 2023

ভাষা বিষয়ক অর্থ লিখা

কিশলয়→কুঁহিপাত, গজালি, কোহ।

চিত্তহাৰী→অন্তৰ চুই যােৱা, মন হৰণ কৰা।

অন্তৰীক্ষ→বিশ্বব্রহ্মাণ্ড।

তালস→ টোপনিৰভাৱ।

ঋত্বিক→পুৰােহিত, যাজক।

বাক্য ৰচনা কৰা

দশেদিশ:→ বহাগমহীয়া তগৰ ফুলৰ গােন্ধ দশেদিশে বিয়পি। পৰিছে।
উপেক্ষিত :→ সন্তান-সন্ততিৰ দ্বাৰা উপেক্ষিতা মাত্ব-গৰাকীয়ে বৃদ্ধাশ্রমত থাকিবলৈ বাধ্য হৈছিল।
জৰাজীর্ণ :→ জৰাজীর্ণ সাজ পৰিধান কৰা গৰীৱলােকজনক উপেক্ষা নকৰিবা।
অমৃত:→ দেৱতা আৰু অসুৰ লগলাগি ক্ষীৰসাগৰত অমৃত মছন কৰিছিল।
মােহ:→ মায়া-মোহৰ কৱলত পৰি মানুহে পৃথিৱীত নানা অপকর্ম কৰে।

সমার্থক শব্দ

তৰু→গছ, বিটপ, বিৰিখ, বৃক্ষ, ‘পাদক,

মুক্তি:→পৰিত্ৰাণ, নিষ্কৃতি, নির্বাণ,

সুমধুৰ →সুৱদী, সুৰীয়া, শ্রুতিমধুৰ, সুললিত,

অভিযান→যাত্রা, গমন, ৰাওনা,

ধ্যানী→তপস্বী, যােগী।

প্র : ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

প্রঃ প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।

উ: মুলভাৱঃ ৰঘুনাথ চৌধাৰীদেৱে প্ৰশস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দর্যৰাশি বর্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্রকৃতিৰ এই অপূর্ব সৌন্দর্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাগত বিশ্বাসী কবিজনাই সেয়ে অমৃত সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।

পুৱাৰ হেঙুলীয় কিৰণে পৃথিৱী ঢৌৱাই যােৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি-জালি প্রকৃতিদেবীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বােকোচাত ভিন্নৰঞ্জী ফুলৰ সুবাসে চৌদিশ আমােলমােলাই তােলে। সকলােৱে যেন পৰম-পুৰুষ ভগৱানৰ সন্ধান কৰে। সমগ্র বিশ্ব ব্রহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে  শুভ লগনত কবিয়ে সকলােকে মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। বতাহৰ হাে-হােৱনিতাে কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মােহন বেণুৰ ধ্বনি। প্রকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত কবিয়ে যি সৌন্দৰ্যৰ সন্ধান কৰিছে, সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰেই ফলশ্রুতি। কবিতাটেৰ মাজত অনুৰণিত হােৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্রা প্রদান কৰিছে।

প্রঃ  সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে?

উঃ প্ৰশস্তি কবিতাটিত কবি চৌধাৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপৰাশি বর্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন স্ৰজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ-লতিকা, চৰাই-চিৰিকটি, নদী-নিজৰা, ফুল-তৰা-গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দর্য সুধাপান কৰাৰ সময়ত চিৰ সুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্রাণ কবিজনাই সকলােকে নতশিৰে আহ্বান জনাইছে, কিয়নাে “সত্যম শিৱম সুন্দৰম্।”

মই অসমীয়া Class 10 Assamese Question Answer Lesson 4

মই অসমীয়া
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামমই অসমীয়া
লেখকচৈয়দ আব্দুল মালিক
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় 4
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

মই অসমীয়া দশম শ্ৰেণী Class 10 Assamese Question Answer

১)তলৰ কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিক ডাঙৰীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল  ?

ক) সূৰুযমুখীৰ স্বপ্ন

খ)  অঘৰী আত্মাৰ কাহিনী

গ)  ধন্য নৰতনু ভাল

ঘ)  ৰূপতীৰ্থৰ যাত্ৰী

উত্তৰ: খ)  অঘৰী আত্মাৰ কাহিনী

২) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল  ?

ক) বাঘ নখেৰে

খ)  মঁহৰ শিঙেৰে

গ)  হাঁহকণী চাউলেৰে

ঘ)   সোণেৰে

উত্তৰ: গ)  হাঁহকণী চাউলেৰে

৩) দূৰৰ মোগল আহি কেনেকৈ অসমীয়া হ’ল ?

ক) অসমৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ

খ)  অসমক ৰণত পৰাজিত কৰি

গ)  অসমৰ সেউজীয়া দুবৰি বনত ভৰি দি

ঘ)  অসমৰ মজিয়াত মোশ্লেমৰ মুক্তৰাজ স্থাপন কৰি

উত্তৰ: ক) অসমৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ

৪ )মোগল অসমলৈ কি উদ্দেশ্যেৰে আহিছিল  ?

ক) অসমৰ বিনন্দীয়া ৰূপ চাবলৈ

খ)  সুৱদী অসমীয়া ভাষা শুনিবলৈ

গ)  ধোদৰ আলি বান্ধিবলৈ

ঘ)  অসম আক্ৰমণ কৰিবলৈ

উত্তৰ: ঘ)  অসম আক্ৰমণ কৰিবলৈ

৫)তলৰ কোনটো শব্দই ‘ পৰাধীনতা ‘ শব্দটোৰ বিপৰীত শব্দ বুজাইছে ?

ক) স্বাধীনতা

খ)  পৰাজিত

গ)  অনিৰুদ্ধ

ঘ)  গৌৰৱ

উত্তৰ: ক) স্বাধীনতা

মই অসমীয়া দশম শ্ৰেণী Class 10 Assamese Question Answer

চম উত্তৰ দিয়াঃ
প্রঃ ১। চৈয়দ আব্দুল মালিক কবিতা-পুথি এখনৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ একমাত্র কাব্য সংকলনটিৰ নাম হ’ল— “বেদুইন।”

প্রঃ ২। মােগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উঃ মােগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল।

প্রঃ ৩। অসমৰ হেংদাং কত জিলিকিছিল ?
উঃ ভৰদুপৰীয়া সুৰুযৰ ৰক্তিম আভাত অসমৰ হেংদাং জিলিকিছিল।

প্রঃ ৪। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

প্রঃ ৫। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উঃ “সাত ৰাজ মাৰি এক ৰাজ কৰা স্বনামধন্য আহােম স্বৰ্গদেউসকলে হাঁহকণী, বৰাচাউল, বৰালি মাছ, চূণ আদি সামগ্ৰীৰে আটকধুনীয়া দৌল-দেৱালয় নির্মাণ কৰিছিল।

প্রঃ ৬। “অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলােকত— কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ বিদেশী মােগলে বৃহৎ সৈন্যদল লৈ অসমৰ মাটিত ভৰি দিচ্ছিল। অভিপ্রায় আছিল আহােমৰাজ্য হস্তগত কৰি মােগলৰাজ স্থাপন কৰাৰ। ভাবিছিল অসমত মােগলে ৰাজদণ্ড হাতত ল’ব। শস্যে-মৎস্যে নদন-বদন অসমৰ সৰ্বাংগসুন্দৰ ৰূপ দেখি মােগলৰ চকু কপালত উঠিছিল। কিন্তু বীৰদৰ্পে অহা মােগলসেনানীয়ে অসমৰ পুৰুষ-নাৰীৰ বীৰত্ব দেখি তবধ মানিছিল। হাতে-হাতে হেংদাং, ঢাল-তৰােৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ-নাৰীৰ বিক্রম দেখি বিদেশী মােগলে ছত্রভঙ্গ দিছিল। দুপৰীয়াৰ সূৰুযৰ আভাত চিমিকাই উঠা হেংদাং দেখি তেওঁলােকে বুজিছিল আহােমসেনাক পৰাস্ত কৰাটো একেবাৰেই অসম্ভব।

প্রঃ ৭ | অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উঃ বিদেশী মােগলে অসম জয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। তেওঁলােকে অসমৰ অপৰূপ সৌন্দর্য দেখি মুগ্ধ হৈছিল। অতি পুৰণিকালৰে পৰা অসম আছিল ফলে-ফুলে জাতিষ্কাৰ আৰু শস্যে-মৎস্যে নদন-বদন। অসমৰ হাবি-বন মিনাকৰা ।  মােগলক প্ৰতিৰােধ কৰিবলৈ অসমৰ পুৰুষ-নাৰীয়ে
হাতে-হাতে হেংদাং আৰু ঢাল-তৰােৱাল লৈ ৰনাংগণলৈ ওলাই অহাৰ কথা বুৰঞ্জীৰ পাতত সােনালী আখৰেৰে লিপিবদ্ধ হৈ আছে। অসমীয়া পুৰুষ-নাৰীৰ ৰণচণ্ডী মুৰ্ত্তি দেখি বাহুবলী মােগলসৈন্য হতভম্ব হােৱাৰ লগতে প্রশংসাত পঞ্চমুখ হৈ পৰিছিল। মােগলৰ সেনাপতি ৰামসিংহই ভুয়সী অসমীয়া সৈন্যৰ প্রশংসা কৰি গৈছে।

মই অসমীয়া দশম শ্ৰেণী Assamese Question Answer

প্রঃ ৮। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উঃ চুটিগল্পৰ ৰজা, ভাষা সাহিত্যৰ কাণ্ডাৰী চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত, গােলাঘাট জিলাৰ নাহৰণিত। তেখেতে অসমীয়া গল্পসাহিত্য আৰু উপন্যাস সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অবদানেৰে অসমীয়া সাহিত্যৰ জগত সমৃদ্ধিশালী কৰি গৈছে। তেখেতৰ একমাত্র কবিতা পুথিখনৰ নাম বেদুইন।’ এখন মাত্র কবিতা পুথিতেই তেখেতৰ অসাধাৰণ কবি প্ৰতিভা ফুটি ওলাইছে। সুষম আৰু অর্থবহ শব্দৰ ব্যৱহাৰেৰে তেওঁৰ কবিতাসমূহ চমৎকাৰ। “ৰূপৰ্কোৰৰৰ” জীৱনৰ ওপৰত আধাৰিত ৰূপতীথৰ যাত্রী, ধন্যি নৰতনু ভাল, ‘সূৰুযমুখী স্বপ্ন’, ‘ৰজনীগন্ধাৰ চকুলাে’, আধাৰশিলা আদি অলেখ ঔপন্যাস ৰচনা কৰি ‘অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াই গৈছে। “অঘৰী আত্মাৰ কাহিনী” নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। “সূৰুযমুখীৰ স্বপ্ন” মালিকদেৱৰ এখন বিখ্যাত উপন্যাস। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত হােৱা অসম সাহিত্যসভাৰ অধিবেশনত তেখেতে সভাপতি পদ অলংকৃত কৰিছিল। ২০০০ চনত এই জনা মহান সাহিত্যিকৰ দেহাৱসান ঘটে।

প্রঃ ৯। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উঃ অসমৰ সাৰুৱা মাটিত ভৰি থৈ মােগলসকলে অসমৰ অপৰূপ সৌন্দর্য দেখি তবধ মানিছিল। ভাৰতৰ পূর্বদিশৰ সূৰ্য্য উঠা দেশ ৰূপহী অসম। প্রকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সীমাহীন ৰূপলাৱণ্য ঢালি, অসমীৰ ৰূপত সােণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, চৌদিশে ধূসৰ পাহাৰ, জাংফাইবুলীয়া বন-বননি , মীনাকৰ অৰণ্যানী, হাতীৰ দাঁতেৰে তৈয়াৰ কৰা খৰমৰ চুলা, প্রবালেৰে নির্মিত ভৰি ধােৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মােগলেও অসমৰ প্রাকৃতিক সৌন্দর্য বখানিবলৈ পাহৰা নাই।।

মই অসমীয়া কবিতা চৈয়দ আব্দুল মালিক

১০| ব্যাখ্যা কৰা

মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্তপ্রাণ, অসমৰ স্বদেশ ভকতি।।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা “মই অসমীয়া” নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিতাফাকিৰ মাজেদি প্রতিফলিত হৈছে প্রবল পৰাক্ৰমী, স্বাধীনতাপ্রিয় অসমীয়া জাতিৰ শৌর্য-বীৰ্য্য।

অসমত মােগল সাম্রাজ্য প্রতিষ্ঠা কৰাৰ আশা বুকুত বান্ধি অসমলৈ অহা মােগলক লাৱে লাৱে পানী খুৱাই অসমীয়া সৈন্যই পৰাভূত কৰিছিল। বাহুবলী মােগলসকলে কল্পনাও কৰা নাছিল যে অসমীয়া সৈন্য ইমান শক্তিশালী। পুৰুষতো বাদেই অসমীয়া নাৰীয়েও ৰণাংগনত প্রচণ্ড প্রতাপেৰে যুদ্ধ কৰিছিল। প্রতিজন অসমীয়াই আছিল দেশপ্রেমিক। স্বদেশক ভাল পােৱাৰ তাড়নাত “তৰিলে দেশ মৰিলে স্বর্গ” এই বাণীৰে উদ্বুদ্ধ হৈছিল প্রতিজন অসমীয়া। সেয়ে শত্ৰুৰূপে অহা মােগলসকলেও ভূয়সী অসমীয়া নৰ-নাৰীৰ প্রশংসা কৰিছিল।

Class 10 Assamese Question Answer মই অসমীয়া

জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মই অসমীয়া” নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিতাফাকিৰ মাজেদি দেশপ্রেমিক কবি চৈয়দ আব্দুল মালিকদেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপােৱাৰ ভাৱ প্ৰকাশ কৰিছে।

এইখন অসমদেশৰ বায়ু-পানী সেৱন কৰি কৰি ডাঙৰ-দীঘল হ’ল। সুৰীয়া অসমীয়া ভাষাৰ গীত-মাত শুনি হৃদয় জুৰ পেলালে। এই খন দেশৰ লাহি-শালি চাউলৰ তেলেতীয়া ভাত মুঠি উদৰ পূৰাই খাই তৃপ্তি লভিলে। এয়া গছ- লতা, ফুলেভৰা, ধুনীয়া অসমদেশ। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে, পুৱাৰ ৰাঙলী বেলিয়ে কবিক জনালে প্রাতঃসম্ভাষণ। সূর্য উঠাদেশ বিনন্দীয়া অসমী আই। এনেহেন অসমদেশত কবিয়ে মৰাৰ পিছতাে পুনৰ জন্ম ল’বলৈ হাবিয়াস কৰিছে। এয়া দেশপ্রেমিক কবিজনাৰ দেশৰ প্ৰতি থকা অফুৰন্ত ভাল পােৱাৰ চানেকি।

প্রঃ ১১। কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জনম লম বুলি ভাবিছে লিখা।
উঃ সুজলা-সুফলা-শস্য-শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি অসম অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ ক’তাে এনে মৌবৰষা ভাষা বিচাৰি পাবলৈ নাই। অসমীয়া গীত-মাত, অসমীয়া কৃষ্টি- সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বােধন এই সকলোেবােৰ দেশপ্রেমিক কবিজনাৰ হৃদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰবাদত বিশ্বাসী দেশপ্রেমিক কবিজনাই মৰাৰ পিছতাে অসমী আইৰ বুকুতে পুনৰ জনম লােৱাৰ সপােন দেখিছে।

মই অসমীয়া দশম শ্ৰেণী মূলভাব Class 10 Assamese Question Answer


উঃ “মই অসমীয়া কবিতাটিত কবি চৈয়দ আব্দুল মালিকদেৱে মােগলৰ অসম আক্রমণ, অসমৰ অতীত গৌৰব, অনুপম প্রাকৃতিক সৌন্দর্য আৰু প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰ-নাৰীৰ অপৰিসীম দেশভক্তি আৰু প্ৰৱল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। পৰাক্ৰমী মােগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দর্য আৰু প্রাচুর্য দেখি তবধ মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মােগল সাম্রাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ-নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষ-তিনােতাৰ হৃদয়ত কিমান স্বদেশপ্রেম নিহিত হৈ আছিল তাৰ উমান পােৱা নাছিল বিদেশী মােগলে কিন্তু সেয়া গম পাবলৈ মােগলৰ বেছি সময় নালাগিল।

চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্রকৃতিৰ ৰম্যভূমি অসমদেশ।পুৱাৰ হেঙুলীয় বেলিৰ আভা, গছে পাতে জপিয়াই সুমধুৰ গীত জুৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ’দৰ পােহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দূবৰি, জাংফাই বুলীয়া-বনবননী, হাতীদাতেৰে নির্মিত খৰম, পােৱালেৰে নির্মিত দলং, সােণৰূপ, হাতীদাতেৰে নির্মিত অলংকাৰ, মহৰ শিঙৰ সুৰীয়া পেপা, তেলাল বৰালিমাছ, হাঁহকণী, মাটিমাহ, বৰাচাউলৰ পিঠা গুড়ি, চুণগুড়ি আদিৰে নির্মিত ৰাজ কাৰেং আৰু দৌল-দেৱালয়, সাগৰসদৃশ পুখুৰী, মৌ বৰষা অসমীয়া মাত-কথা, সুৰীয়া গীত-মাত, পৃথিৱীৰ ক’তাে বিচাৰি নােপােৱা “আই” সম্বােধন এইবােৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত আৰু এইবােৰৰে মােহত পৰিছিল বিদেশী মােগল। কিন্তু অসমীয়া সৈন্যবাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মােগলে সেও মানিছিল। অসমীয়া ল’ৰা-তিৰােতাৰ স্বদেশপ্রেম আৰু বীৰত্বই মােগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি, অসমীয়া কৃষ্টি-সংস্কৃতি গ্রহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্ম গ্রহণ কৰি দেশপ্রেমিক কবিজনাই নিজকে ধন্য মানিছে। মৃত্যুৰ পিছতাে এইখন অসমদেশতেই পুনৰ জন্ম লােৱাৰ মধুৰ সপােন কবিজনাই দেখিছে।

প্রঃ মই অসমীয়া কবিতাটোৰ মূলভাব লিখা।

উঃ “মই অসমীয়া কবিতাটিত কবি চৈয়দ আব্দুল মালিকদেৱে মােগলৰ অসম আক্রমণ, অসমৰ অতীত গৌৰব, অনুপম প্রাকৃতিক সৌন্দর্য আৰু প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰ-নাৰীৰ অপৰিসীম দেশভক্তি আৰু প্ৰৱল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। পৰাক্ৰমী মােগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দর্য আৰু প্রাচুর্য দেখি তবধ মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মােগল সাম্রাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ-নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষ-তিনােতাৰ হৃদয়ত কিমান স্বদেশপ্রেম নিহিত হৈ আছিল তাৰ উমান পােৱা নাছিল বিদেশী মােগলে কিন্তু সেয়া গম পাবলৈ মােগলৰ বেছি সময় নালাগিল।


চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্রকৃতিৰ ৰম্যভূমি অসমদেশ।পুৱাৰ হেঙুলীয় বেলিৰ আভা, গছে পাতে জপিয়াই সুমধুৰ গীত জুৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ’দৰ পােহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দূবৰি, জাংফাই বুলীয়া-বনবননী, হাতীদাতেৰে নির্মিত খৰম, পােৱালেৰে নির্মিত দলং, সােণৰূপ, হাতীদাতেৰে নির্মিত অলংকাৰ, মহৰ শিঙৰ সুৰীয়া পেপা, তেলাল বৰালিমাছ, হাঁহকণী, মাটিমাহ, বৰাচাউলৰ পিঠা গুড়ি, চুণগুড়ি আদিৰে নির্মিত ৰাজ কাৰেং আৰু দৌল-দেৱালয়, সাগৰসদৃশ পুখুৰী, মৌ বৰষা অসমীয়া মাত-কথা, সুৰীয়া গীত-মাত, পৃথিৱীৰ ক’তাে বিচাৰি নােপােৱা “আই” সম্বােধন এইবােৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত আৰু এইবােৰৰে মােহত পৰিছিল বিদেশী মােগল। কিন্তু অসমীয়া সৈন্যবাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মােগলে সেও মানিছিল। অসমীয়া ল’ৰা-তিৰােতাৰ স্বদেশপ্রেম আৰু বীৰত্বই মােগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি, অসমীয়া কৃষ্টি-সংস্কৃতি গ্রহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্ম গ্রহণ কৰি দেশপ্রেমিক কবিজনাই নিজকে ধন্য মানিছে। মৃত্যুৰ পিছতাে এইখন অসমদেশতেই পুনৰ জন্ম লােৱাৰ মধুৰ সপােন কবিজনাই দেখিছে।

প্রঃ কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জনম লম বুলি ভাবিছে লিখা।

উঃ সুজলা-সুফলা-শস্য-শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি অসম অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ ক’তাে এনে মৌবৰষা ভাষা বিচাৰি পাবলৈ নাই। অসমীয়া গীত-মাত, অসমীয়া কৃষ্টি- সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বােধন এই সকলোেবােৰ দেশপ্রেমিক কবিজনাৰ হৃদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰবাদত বিশ্বাসী দেশপ্রেমিক কবিজনাই মৰাৰ পিছতাে অসমী আইৰ বুকুতে পুনৰ জনম লােৱাৰ সপােন দেখিছে।

প্রঃ অসমৰ হেংদাং কত জিলিকিছিল ?

উঃ ভৰদুপৰীয়া সুৰুযৰ ৰক্তিম আভাত অসমৰ হেংদাং জিলিকিছিল।

দৃশ্যান্তৰ কবিতা – Class 10 Assamese Question Answer Lesson 5

দৃশ্যান্তৰ কবিতা
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামদৃশ্যান্তৰ কবিতা
কবিহৰেকৃষ্ণ ডেকাৰ
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় ৫
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

দৃশ্যান্তৰ কবিতা Class 10 Assamese Question Answer

প্রঃ ১। চমু উত্তৰ দিয়াঃ
(ক) হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম কি?
উঃ হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম হ’ল- ‘আগন্তুক’।

(খ) নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজন কি আছিল?
উ : নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজন কুকুৰীকণা আছিল।

(গ) কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল?
উঃ কবিয়ে পঁচিশ বছৰৰ পাছত মানুহজনক লগ পাইছিল।

(ঘ) দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম কি?
উ : ‘দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম হ’ল হৰেকৃষ্ণ ডেকা।

দৃশ্যান্তৰ কবিতা Class 10 Assamese Question Answer 2023

প্রঃ ২। “বৰ শান্তিত আছোঁ এই পঁজাটিত।”
— কোনে, কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তনিহিত ভাৱ মােকলাই লিখা।
উঃ পঁচিশ বছৰ আগতে লগ পােৱা কুকুৰীকণা মানুহজনে হাতত ধৰি আগবঢ়াই দিওঁতে কবিক এইদৰে কৈছিল। কবিয়ে সহায়ৰ হাত আগবঢ়ওতে মানুহজনক এই বুলি কৈছিল যে, “এই পজা ঘৰটিত মই বৰ শান্তিৰে আছোঁ” পচিশ বছৰ আগতে কবিয়ে যিখিনি ঠাইত মানুহজনক লগ পাইছিল সেই ঠাইডােখৰৰ প্রাকৃতিক পৰিৱেশ চালে চকুৰােৱা আছিল। আলি পদূলিবােৰ একা- বেঁকা আৰু কেঁচা আছিল। পঁজা ঘৰবােৰ দূৰৈৰ পৰা দেখিবলৈ বৰ সুন্দৰ আছিল। শাৰী শাৰীকৈ কাকিনী তামােলৰ গছবােৰ আছিল। মানুহবােৰৰ মাজত মিলাপ্ৰীতিৰ ভাৱ আছিল। ইজনে সিজনৰ সুখ-দুখৰ সমভাগী আছিল। সেই পৰিৱেশত মানুহজনে শান্তি বিচাৰি পাইছিল। জোনৰ পােহৰতাে নিজৰ ঘৰটো বিচাৰি উলিয়াব নােৱাৰাৰ বাবে কুকুৰীকণা মানুহজনে কোনাে দুখ অনুভৱ কৰা নাছিল।

প্রঃ ৩। দৃশ্যান্ত’ কবিতাটোৰ সাৰাংশ লিখা। 
উঃ সাৰাংশঃ “দৃশ্যান্তৰ” কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাদেৱে একেটি কবিতাৰ মাধ্যমত দুখন ভিন্ন ছবি অংকিত কৰিছে। সময়ৰ লগে লগে যে সকলাে পৰিৱৰ্তন হয় আৰু সময়ৰ চাকনৈয়াত পৰি মানুহ যে কৃত্রিমতাৰ বলি হৈ কাৰোৰ কথা নাভাবে কবিয়ে তাকে বুজাব বিচাৰিছে। কবিয়ে পচিশ বছৰ আগতে এজন চফল ডেকাক সহজ জীৱন শৈলীৰ মাজত লগ পাইছিল। তেওঁৰ ঘৰটো আছিল জুপুৰি ঘৰ। একা-বেঁকা আৰু কেঁচা আলিটোত মানুহজনে গধূলি সময়ত নিজৰ ঘৰখন তেওঁৰ ঘৰৰ পদুলিটোৰ নঙলা মুখতে বিচাৰি ফুৰিছিল। জোনৰ পােহৰেৰে চাৰিওদিশ আলােকিত হৈ থকাৰ পিছতাে সেই কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পােৱা নাছিল। সহায়ৰ হাত দিবলৈ তেওঁৰ কাষত আপােন বুলিবলৈ কোনাে নাছিল। মানুহজনৰ দুখ দেখি কবিয়ে সহায়ৰ হাত আগবঢ়াওতে তেওঁ কৈছিল “মই এই জুপুৰী ঘৰটিত বৰ শান্তিৰে আছোঁ।”

পঁচিশ বছৰৰ পাছত সেই একে ঠাইতে কবিয়ে এজন বৃদ্ধ কুজা মানুহক লগ পাইছিল। বয়সৰ চিনৰ বাদে সেই মানুহজন পূৰ্বৰ ডেকাজনৰ দৰে দেখি কবি আঁচৰিত হৈছিল। কবিয়ে লগ পােৱা এই বৃদ্ধ কুজা মানুহজন চহৰৰ সাতমহলীয়া অট্টালিকাত থকা বুলি জানিব পাৰিছিল। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কুজা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সন্দেহ কৰি কবিক কৈছিল যে সেই ঠাইত তেওঁ কেতিয়াও শান্তিৰে থাকিব নােৱাৰে। কাৰণ ইয়াত কৃত্রিমতাত মানুহ এনেদৰে আৱদ্ধ হৈ আছে যে মানুহ মৰিলে দাহ কৰিবলৈও কোনাে নাহে। কোনেও কাকো চিনি নাপায়। সকলােৱে নিজক লৈয়ে ব্যস্ত। ইজনে সিজনৰ সুখ দুখৰ সমভাগী নহয়। এই বুলি কৈ মানুহজনে কংক্রীটৰ নির্মিত সাতমহলীয়া ঘৰটোলৈ (কৃত্রিমতাৰ হাবি খনলৈ) সােমাই গ’ল। সহজ সৰল মানুহজন কুবেৰৰ মহলাত হেৰাই গ’ল। কবিয়ে মানুহজনৰ কোনাে খবৰ বিচাৰি নাপাই মনত বৰ কষ্ট পাই উভতি আহিল। মানুহজনে কোৱা কথাবােৰৰ স্মৃতিয়ে কবিক বৰকৈ আমনি কৰিছিল।

Class 10 Assamese Question Answer Lesson 5

প্রঃ ৪। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা। 
উঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কুজা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সন্দেহ কৰিছিল। তেওঁ সুধিছিল কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে নেকি? মানুহজনে কবিক কৈছিল যে সেই ঠাইত কবি শান্তিৰে থাকিব নােৱাৰে। কাৰণ ইয়াত কৃত্রিমতাত আৱদ্ধ হৈ মানুহ মৰিলেও দাহ কৰিবলৈ কাৰাে সময় নাই। কোনেও কাকো চিনি নাপায়। সকলােৱে নিজক লৈয়ে ব্যস্ত।

প্রঃ ৫। দৃশ্যান্তৰৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।
উঃ ‘দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম হ’ল— হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হয় যদিও তেওঁ শৈশৱকাল অতিবাহিত কৰে তিনিচুকীয়াত। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভর্তি কৰে। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম এ পাছ কৰে। গুৱাহাটীৰ কমার্চ কলেজ’ত কিছুদিন অধ্যাপনা কৰাৰ পিছত ভাৰতীয় আৰক্ষীত যােগদান কৰি আৰক্ষীৰ সঞ্চালক প্রধান হিচাপে অৱসৰ লয়। তেওঁ গৰিয়সী আলােচনী আৰু The Sentinel কাকতৰ সম্পাদক আছিল। তেওঁৰ ৰচিত কবিতাপুথি হ’ল ৰাতিৰ শােভাযাত্রা, আন এজন আদি। গল্পৰ পুথি হ’ল- গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড। একমাত্র উপন্যাস আগন্তুক। ১৯৮৭ চনত “সাহিত্য অকাডেমী, ১৯৯৬ কথা বঁটা আৰু ২০১০ চনত
আসাম ভেলী লিটাৰেৰী বঁটা লাভ কৰে।

দৃশ্যান্তৰ কবিতা Class 10 Assamese Question Answer

প্রঃ ৬। ব্যাখ্যা কৰাঃ

(ক) “এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালাে আৰু।”
উঃ উদ্ধৃত কবিতাফাকি অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্ত’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কংক্রীটৰ কৃত্রিম পৃথিৱীৰ পৰিৱেশত মানুহে মানুহৰ প্রতি কেনেভাৱ প্ৰদৰ্শন কৰে তাকে ক’ব বিচাৰিছে।

পছিশ বছৰৰ আগত নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজনে কবিক চিনিব নােৱাৰি কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে বুলি প্ৰশ্নহে কৰিলে। কবিক মানুহজনে সেই ঠাইত শান্তিত থাকিৰ নােৱাৰে বুলি ক’লে। কংক্রিটৰ অৰণ্যত সময়ৰ সোঁতত সকলাে সলনি হ’ল। নিকৃষ্ট মানসিকতাই বর্তমান মানুহক গ্রাস কৰিছে। মানুহজনৰ চৰম অসন্তুষ্টি ব্যক্ত হৈছে কবিৰ আগত ঠাইডোখৰত মৃতকৰ দাহ সংস্কাৰৰ দৰে পৱিত্ৰ কাম কৰিবলৈও মানুহ পাবলৈ নাই বােলা কথাষাৰত মানুহজন সাতমহলীয়া ঘৰটোৰ কংক্রীটৰ কৃত্রিমতাৰ মাজলৈ সােমাই গ’ল। কবিয়ে তেওঁৰ কোনাে খবৰ উলিয়াব নােৱাৰি বেজাৰ মনেৰে উভতি গ’ল।

(খ) “মৰিলেও দাহ কৰিবলৈও এজন মানুহ নাই।”
উঃ উক্ত কবিতাফাকি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ ৰচিত দৃশ্যান্ত’ৰ নামৰ কবিতাটিৰ পৰা অনা হৈছে। বর্তমান মানুহৰ আত্মকেন্দ্রিক স্বভাৱৰ কথাকে কবিতাফকিৰ দ্বাৰা ক’ব বিচাৰিছে।।
কবিয়ে পঁচিশ বছৰ আগতে যিজন মানুহক কেঁচা আলি-কেকুৰীত লগ পাইছিল তেতিয়া তেওঁ পজা ঘৰত থাকিও শান্তিত থকা বুলি নিজকে অনুভৱ কৰিছিল। কিন্তু পঁচিশ বছৰৰ ভিতৰত সমাজ আৰু দেশ বহুত আগবাঢ়ি গ’ল যদিও সেই অনুপাতে মানুহৰ মাজত থকা মানৱীয় গুণ কমি আহিল। কবিৰ মতে মানুহে সভ্যতাৰ জখলাৰে যিমান উন্নতি কৰিছে সিমানেই মনবােৰ ঠেক হৈছে। কংক্রিটৰ পৃথিৱীত মানুহে মানুহক চিনি নাপায়, বিপদত সহায় নকৰে। তীব্র প্রতিযােগিতা, বস্তুবাদিতাৰ ফলত মানুহৰ মানৱীয় গুণবােৰাে নােহােৱা হৈ পৰিল। গাঁৱলীয়া সমাজ চহৰীয়া সমাজলৈ গতি কৰাৰ বাবেই বিপদৰ সময়তাে মাত এষাৰ দিবলৈ মানুহৰ সময়ৰ অভাৱ হ’ল।। মানৱতা ক’ৰবাত যেন হেৰাই গ’ল। মৃতকৰ সৎকাৰ কৰিবলৈও মানুহ আগবাঢ়ি নহা হ’ল। মৃতকৰ দাহ-সংস্কাৰৰ
দৰে পৱিত্ৰ কৰ্মতাে মানুহ পাবলৈ নাই। অর্থাৎ সকলাে যান্ত্রিক। কোনেও কাকো চিনি নাপায়।।

(গ) “সময়টো আছিল গধূলি।।তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি।”
উঃ উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ ৰচিত ‘দৃশ্যান্তৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিয়ে কোনাে এটা সন্ধিয়াত লগ পােৱা মানুহজনে নিজৰ ঘৰৰ নঙলা মুখত ঘৰ বিছৰা অৱস্থাৰ বিষয়ে ক’বলৈ উক্ত কবিতাকি উপস্থাপন কৰিছে।

কবিয়ে পচিশ বছৰ আগতে সন্ধিয়া সময়ত কুকুৰীকণা মানুহজনক লগ পাইছিল। মানুহজনে নিজৰ ঘৰৰ পদূলিত থিয় হৈ নিজৰ ঘৰটো বিচাৰি ফুৰিছিল। স্নিগ্ধ জোনৰ পােহৰত তেওঁ নিজৰ ঘৰটো বিচাৰি নােপােৱাত কবিয়ে নিজেই তেওঁক হাতত ধৰি ঘৰটো দেখুৱাই দিছিল। মানুহজনে নিজৰ পজাটিত বৰ শান্তিৰে বাস কৰিছে বুলি কবিক কৈছে। তেওঁৰ মতে মানুহৰ অন্তৰত মৰম আছে বাবে তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ কবিক পাইছিল।

Class 10 Assamese Lesson 5 Question Answer

চমু উত্তৰ দিয়া ।

অর্থ লিখা:

দৃশ্যান্তৰ→ ভিন্ন বা অন্য দৃশ্য
নজ→কুজা

দাহ→পােৰণি/পােৰা কাৰ্য, দহন, শােক, সন্তাপ।

কাকিনী তামােল→বৰ ওখ তামােল
যখ→ ধন-সােণ পুতি থােৱা ঠাই ৰখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণলােক।

প্রঃ দৃশ্যান্তৰ কবিতাটিত প্রতিফলিত হােৱা সমাজৰ ছবি দুখনৰ বিষয়ে লিখা।

উঃ “দৃশ্যান্তৰ” কবিতাটিত দুখন সমাজৰ ছবি স্পষ্টভাৱে প্রতিফলিত হৈছে। এখন ছবি হ’ল প্রাচীন গ্রাম্য সমাজ আৰু আনখন ছবি হল আধুনিক নগৰীয়া সমাজ। পচিশ বছৰ আগতে লিখকে দেখা গাঁওখন নিভাঁজ আছিল। মানুহবোেৰ সহল-সৰল আছিল কিয়নাে তাত আধুনিকতাৰ পােহৰ পৰা নাছিল। ঘৰবােৰ পঁজা আছিল। বাট-পথ বােৰ কেঁচা আছিল। মানুহবােৰৰ মাজত মানৱতা আৰু সৌহাদ্যপূর্ণ ভার আছিল। আনহাতে আনখন আধুনিক সমাজত কবিয়ে কেৱল ভৱিষ্যতৰ প্ৰতি ভাবুকিহে দেখিছে। মানুহে নিজৰ বাহিৰে কাকো চিনি নােপােৱা হ’ল। সময়ৰ সোঁতত গাঁওবােৰ চহৰলৈ ৰূপান্তৰিত হৈছে। কবিৰ চিনাকি গাঁওখনাে অচিনাকি হৈ পৰিছে। বাটপথত এতিয়া মানুহৰ ভিৰ হৈছে। কাৰণ বাট পথবােৰ পকী হৈছে। ঘৰবােৰা কংক্রীটৰ হৈছে। পজাৰ ঠাইত অট্টালিকা হৈছে। মানুহৰ মাজত মানৱতা হেৰাই গৈছে। মানুহৰ প্রতি মানুহৰ মৰম-চেনেহ যেন তাত নাইকীয়া হৈছে। এই আধুনিক, যান্ত্রিক সমাজখনত মানুহৰ মৰাশ নিবলৈও কোনাে আগবাঢ়ি নাহিব বুলি কবিয়ে ভাবিবলৈ বাধ্য হৈছে।

প্রঃ পচিশ বছৰ আগতে কবিয়ে মানুহজনক লগ পােৱা আলি-কেঁকুৰিটো কেনে আছিল?

উঃ পচিশ বছৰ আগতে কবিয়ে বৃদ্ধ কুজা মানুহজনক লগ। পােৱা আলি-কেঁকুৰিটো কেঁচা আছিল।

Read More

ছাত্ৰ জীৱন আৰু সমাজ সেৱা Class 10 Assamese Question Answer

ছাত্ৰ জীৱন আৰু সমাজ সেৱা
বিষয় অসমীয়া
কিতাপৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামছাত্ৰ জীৱন আৰু সমাজ সেৱা
শ্ৰেণী দশম (X)
অধ্যায়অধ্যায় 6
পাঠ্যক্ৰমছেবা (SEBA)

ছাত্ৰ জীৱন আৰু সমাজ সেৱা

গুৰুত্বপূৰ্ণ একাধিক বিকল্পপ্ৰশ্ন

১. “ পঢ়াই, পঢ়ে, ৰোৱে পাণ ।
এই তিনিয়ে নিচিন্তে আন । “ — ইয়াত পঢ়া কথাই কি বুজাইছে ?

ক) ‘পঢ়া ’ কথাই শিক্ষা লাভ কৰাৰ কথা কৈছে
খ) ‘পঢ়া ’ কথাই ভাটৌৰ দৰে কিতাপৰ পৰা আওৰোৱাক বুজাইছে
গ) ‘পঢ়া ’ কথাই সাঁতুৰিবলৈ জ্ঞান লাভ কৰা বুজাইছে
ঘ) ‘পঢ়া ’ কথাই লিখা-পঢ়া কৰিব পৰাক বুজাইছে
উত্তৰ: ক) ‘পঢ়া’ কথাই শিক্ষা লাভ কৰাৰ কথা কৈছে

২. ‘দেশৰ ভৱিষ্য়ত, আশা-ভৰসাৰ কলি’ কোন ?
ক) ঈশ্বৰ
খ) ছাত্ৰসকল
গ) ঋষিসকল
ঘ) শিক্ষকসকল
উত্তৰ: খ) ছাত্ৰসকল

৩)‘ প্ৰকৃত নাৰায়ণ সেৱা ’ বুলি কাক জনা যায় ?
ক) সন্তানৰ সেৱাক
খ) পৰিয়ালৰ সেৱাক
গ) ঈশ্বৰ সেৱাক
ঘ) সমাজ আৰু দেশৰ সেৱাক
উত্তৰ: ঘ) সমাজ আৰু দেশৰ সেৱাক

৪) তলৰ কোনশাৰী বাক্যত ‘পেন্দুকণা’ শব্দটোৰ অৰ্থ প্ৰকাশ পাইছে ?
ক) প্ৰৌঢ় মানুহজনে কামটো কৰিলে
খ) নিচেই সৰু ল’ৰাটোৱে কামটো কৰিলে
গ) নিষ্কৰ্মা মানুহজনে কামটো কৰিলে
ঘ) সহপাঠী ল’ৰাজনে কামটো কৰিলে
উত্তৰ:খ)নিচেই সৰু ল’ৰাটোৱে কামটো কৰিলে

৫)তলৰ কোনটো শব্দই ‘ শুকান ৰ’দ পৰা ঠাই ‘ ৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে ?
ক) চেঁচুক
খ) কূৰ্চুট
গ) সাম্য
ঘ) দুহালিচা
উত্তৰ: ক)চেঁচুক

Class 10 Assamese Question Answer ছাত্ৰ জীৱন আৰু সমাজ সেৱা

চমুকৈ উত্তৰ দিয়াঃ

(ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্রকৃত উদ্দেশ্য কি কি ?
উঃ কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন কৰাই হ’ল ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য।

(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?
উঃ বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ’ল ইয়াৰ ঘাই দোষ। বর্তমান শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক নথকা বুলিয়েই ক’ব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠ্যপুথিত পঢ়া দুখীয়াক মৰম কৰিবা’, ‘ডাঙৰক সম্মান কৰিবা’ আদিৰ দৰে বাক্যসমূহ আওৰাইহে থয়। বাস্তৱ জীৱনত ইয়াৰ অর্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ বাকাসমূহত অন্তর্নিহিত হৈ থকা প্রকৃত অর্থবােৰ বুজাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত বানান সমূহৰ আ-কাৰ, ই-কাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ কর্তব্য সামৰি থয়। শিক্ষার্থীসকলে পঢ়ি-শুনি কি জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উত্তীর্ণ হ’ব পাৰিছেনে নাই সেই বিষয়তহে শিক্ষক আৰু শিক্ষার্থীসকলে গুৰুত্ব দিয়ে। এইবােৰে হ’ল বর্তমান প্রচলিত শিক্ষাৰ দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?
উঃ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যৎ, আশা-ভৰসাৰ। সেয়ে ছাত্ৰসকলে ছাত্র অৱস্থাত যিমান দূৰ সম্ভৱ অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে।

(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?
উঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল বর্তমান একবিংশ শতিকাতাে আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই ৰাজত্ব কৰি আছে, কু-সংস্কাৰ-অন্ধবিশ্বাসে সকলাে দিশ অন্ধকাৰাচ্ছন্ন কৰি দেশৰ প্রগতি আৰু উন্নতিৰ পথত হেঙাৰৰূপে থিয় দি আছে। এই বাধাসমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাছি লৈ গাঁওবাসীক অজ্ঞানতা অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰি অভিজ্ঞতা লাভৰ দ্বাৰাহে কার্যকৰী জ্ঞান অর্জন কৰিব পাৰিব।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 question answer

2. ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কোনবােৰ পন্থা অবলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্র জীবনত বহুমুখী শিক্ষাৰ প্রয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা।

উঃ ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ হ’লে শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অর্জনত ব্ৰতী হ’ব লাগে কাৰণ ছাত্ৰৰ একাগ্রতাই হৈছে উন্নতিৰ ঘাই মন্ত্র। শিক্ষাৰ সময়ছােৱাত শিক্ষার্থীয়ে মনৰ গতি সদায় একমুখী কৰি ৰাখিব লাগে, মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পােৱাৰ সম্ভাৱনা থাকে। ছাত্ৰ অৱস্থাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’ব নালাগে, এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগে।

তদুপৰি শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে কেৱল পুথিগত শিক্ষা অর্জন কৰিলেই ছাত্রজীৱনৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব নােৱাৰে। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এই ক্ষেত্ৰত ব্যৱহাৰিক তথা কার্যকৰী জ্ঞান আহৰণ কৰাতে গুৰুত্ব আৰােপ কৰিব লাগে। দেশসেৱাত ব্ৰতী হ’বলৈ হ’লে বহুমুখী শিক্ষাৰ অতিকৈ প্রয়ােজন আছে। বহুমুখী শিক্ষা প্রদানৰ জৰিয়তেহে ছাত্ৰসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰা যায় আৰু উপযুক্ত মানৱ সম্পদেহে দেশসেৱাত ব্ৰতী হৈ দেশৰ প্ৰগতিত অৰিহণা যােগাব পাৰে।

বর্তমান বিশ্বখন সলনি হৈছে, আর্থিক ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে, মানুহৰ কাম কৰাৰ ধৰণ তথা কর্মক্ষেত্ৰৰ পৰিৱৰ্তন হৈছে এনে পৰিৱর্তিত সময়ত বহুমুখী শিক্ষাইহে ছাত্ৰসকলক এই বিশেষ ক্ষেত্ৰসমুহত দক্ষ আৰু সুনিপুণ কৰি দেশ সেৱাত ব্ৰতী হ’ব পৰাকৈ গঢ় দিব, নহ’লে ইয়াৰ অবিহনে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ দেশৰ প্ৰগতিত বাধা জন্মব।

৩। “এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন।”কোনখিনি কাম তেওঁলােকৰ (ছাত্র-ছাত্রীসকলৰ) কার্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।
উঃ গাঁও অঞ্চলসমূহত ৰাজত্ব কৰি থকা অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ দৰে প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অন্তৰায়সমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে গাঁৱত সােমাই ঘৰে ঘৰে গৈ অশিক্ষিত লােকসকলক তেওঁলােকৰ দুৰাৱস্থাৰ বিষয়ে চকু মুকলি কৰিব লাগিব; বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি শুনাই তেওঁলােকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব; তেওঁলােকৰ মাজৰ পৰা কুচুটকপট গুচাবলৈ চাব লাগিব; গাঁৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব; উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখনক আদর্শ ঘৰ আৰু গাঁও কৰিবলৈ চাব লাগিব– এইধৰণৰ কামবােৰেই হ’ল ছাত্র-ছাত্রীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ।

Class 10 Assamese ছাত্ৰ জীৱন আৰু সমাজ সেৱা

ব্যাখ্যা কৰা 

(ক)“পঢ়াই, পঢ়ে, ৰােবে পাণ।
এই তিনিয়ে নিচিন্তে আন।।

উঃ  সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ ইয়াত কথাষাৰিৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষার্থী আৰু শিক্ষকে অন্য কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে বা পাঠদায় কৰিলে তাৰ সুফল লাভ কৰিব।

ব্যাখ্যাঃ পঢ়ুৱৈৰ প্ৰধান কাম হৈছে পঢ়া আৰু শিক্ষকৰ প্ৰধান কাম হৈছে পঢ়ুওৱা। পঢ়া আৰু পঢ়ুওৱা— এই দুয়ােটা কামেই হৈছে যথেষ্ট কষ্টকৰ কিয়নাে জ্ঞান অর্জন আৰু জ্ঞানদানৰ পৰিসৰ বিশাল। একাগ্রতা আৰু পৰিশ্ৰমেহে এই কাম সহজসাধ্য কৰিব পাৰে। একে কথা পাণ ৰােপণৰ ক্ষেত্ৰতত প্রযােজ্য। পাণ ৰােওঁতাৰ অন্যমনস্কতাৰ বাবে পাণ গঠনধৰি নুঠে, মৰিহে যায়। মানুহে কোনাে কাম কৰিলে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিলেহে কামটোত সফলতা লাভ কৰিব পাৰে। তেনেদৰে শিক্ষা লাভৰ ক্ষেত্ৰতাে শিক্ষক আৰু শিক্ষার্থীয়ে নিজৰ নিজৰ কাম নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিব লাগিব তেতিয়াহে সফলতা অর্জন কৰিব পাৰিব। অর্থাৎ পঢ়াওঁতা আৰু পঢ়োঁতাৰ মন-মগজুৱে অন্য কথা চিন্তা-চৰ্চা নকৰি নিজৰ ধ্যান সদায় পঢ়াত ৰাখিলেহে বিচৰা ধৰণৰ ফল লাভ কৰিব পাৰিব। ব্যাখ্যেয় কথাফাকি লেখকে এনে অর্থতে ব্যৱহাৰি। কৰিছে।

(খ) কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়িচাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।
উঃ সংগতি: উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেৱা’পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কথাষাৰিৰ জৰিয়তে লেখকে কোনাে এটা বিষয়ৰ প্রকৃত শিক্ষা উপযুক্ত পৰিৱেশত হাতে-কামে লাগিহে যে অর্জন কৰিব পাৰি তাকেই প্রকাশ কৰিছে।

ব্যাখ্যাঃ মানুহৰ বাবে সমগ্র বিশ্বখনেই এখন ডাঙৰ পঢ়াশালি। ইয়াৰ আৰম্ভণি হয় মানুহৰ নিজ গৃহৰ পৰা। শিক্ষার্থীসকলক জীৱন্ত সংসাৰখনৰ লগত মােকাবিলা কৰিবলৈ প্রথম অভিজ্ঞতা নিজৰ ঘৰ আৰু বিদ্যালয়খনেই প্রদান কৰে, যিদৰে কমাৰশালত কোনাে বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্রস্তুত কৰি লােৱা হয়। অর্থাৎ, যেনেদৰে এটুকুৰা লােহাক পিটি পিটি দা কুঠাৰ গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্রস্তুত কৰি লােৱা হয়, তেনেদৰে শিক্ষার্থীসকলকো সংসাৰৰ দুখ-কষ্ট, আঘাত সহিব পৰাকৈ প্ৰথমতে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্রদানৰ দ্বাৰা ধৈৰ্য্যশীল আৰু কষ্টসহিষ্ণু কৰি গঢ় দিব লাগিব। আকৌ শিক্ষার্থীসকলক কোনাে বিষয়ৰ প্রকৃত জ্ঞান প্রদান কৰিবলৈ হ’লে বিষয়টো সম্পর্কীয় পৰিৱেশৰ অতি প্রয়ােজন।

যেনেঃ সাঁতােৰ শিকিবলৈ হ’লে পানীত নামিবই লাগিব। ঠিক একেদৰে কিছুমান বিষয়ৰ প্রকৃত জ্ঞান পাঠ্যপুথিত পঢ়ি অর্জন কৰিব নােরাৰি, হাতে-কামে লাগিহে বিষয়টোৰ প্রকৃত জ্ঞান অর্জন কৰিব পাৰি। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে এই কথাকেই দাঙি ধৰিছে।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা Class 10 Assamese Question Answer

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাইট-কলিতে এইসকলক পুজাৰ উপহাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে ।
উঃ, সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেরা’ পাঠটোৰ পৰা লােৱা হৈছে।

প্রসংগঃ কথাফাৰিৰ জৰিয়তে লেখকে সকলাে জ্ঞান আৰু শিক্ষাৰে পৰিপুষ্ট হৈ পুর্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে সমাজ তথা দেশৰ মংগল সাধন হয় তাকে প্রকাশ কৰিছে।

ব্যাখ্যাঃ কোনাে এটা কাম কৰিবলৈ মানুহক সদায় জ্ঞান আৰু দক্ষতাৰ প্রয়ােজন হয়। এই জ্ঞান আৰু দক্ষতা মানুহে এদিনতে আহৰণ কৰিব নােৱাৰে। এই জ্ঞান আৰু দক্ষতা অর্জন কৰিবলৈ হ’লে মানুহে ঢাপে ঢাপে আগ বাঢ়ি যাব লাগিব। যিদৰে এজোপা গছত প্ৰথমতে কলি হয়, তাৰ পাছত সেই কলি বিকশিত হৈ ফুল আৰু শেষত ফল হয়; সেইদৰে মানুহেও ছাত্ৰ অৱস্থাত যিমান দূৰ সৃম্ভৱ নকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান অর্জন কৰি পৰিপুষ্ট হৈ দেশমাতৃৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগে।

ছাত্ৰসকলে সকলাে জ্ঞানৰে পৰিপূৰ্ণ হ’লেহে স্বদেশ আৰু স্বজাতিৰ মংগল সাধন কৰিব পাৰে। অপৰিপূর্ণ জ্ঞান আৰু দক্ষতাৰে কোনাে কাম কৰিলে দেশৰ কোনাে হিত বা মংগল নহয়, বৰঞ্চ দেশৰ অহিত বা অমংগল হােৱাৰ সম্ভাৱনাহে বাড়ে, যিদৰে অপৰিপক্ক ফল খালে বেমাৰ হােৱাৰ সম্ভাৱনা বাঢ়ে। এনে অপৰিপক্ক ফল খালেও দেহৰ কোনাে কামত নালাগে ঠিক একেদৰে অপৰিপূর্ণ জ্ঞান আৰু দক্ষতাকে কামেও দেশৰ হিত সাধনত কোনাে অৰিহণা যােগাব নােৱাৰে।

Class 10 Assamese Lesson 6 Question Answer

(ঘ) ‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।”
উঃ • সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ বাক্যশাৰীৰ দ্বাৰা লেখকে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহৰ সেৱা কৰিলেহে যে মানব জীবন সার্থক হয় তাকেই প্রকাশ কৰিছে।
ব্যাখ্যাঃ মানুহে মনৰ শান্তি লাভ অৰ্থে ভগৱানৰ পূজা-অর্চনা কৰে। মানুহে কেৱল নিজৰ মংগল কামনা কৰি নিজৰ মনৰ শান্তি বিচাৰিলেই সমাজ তথা বিশ্বৰ কোনাে উপকাৰ সাধন নহয়, বৰঞ্চ মানুহ দিনে দিনে স্বার্থপৰহে হ’বলৈ ধৰে। এনে স্বার্থপৰ মানুহ ভগৱানৰ কৃপাৰ পৰাও বঞ্চিত হয় আৰু মন সদায় অসন্তুষ্টি আৰু আশান্তিৰে পৰিপূৰ্ণ হৈ থাকে, কিন্তু যি মানুহে মানুহৰ দুখ-কষ্ট বুজি আৰ্তজনক উদ্ধাৰ কৰিবলৈ আগ বাঢ়ি যায়, সমাজ তথা দেশৰ মানুহৰ মংগলার্থে কাম কৰিবলৈ সদায় প্রস্তুত থাকে, তেনে মানুহৰ মন সদায় প্রাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে।

মানুহৰ মন প্রাপ্তি আৰু সন্তুষ্টিৰে ভৰি থাকিলে মনটোক পৱিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয় আৰু তাতেই ভগৱানক বিচাৰি পােৱা যেন লাগে। অর্থাৎ মানৱ সেৱা কৰিলেই ভগৱান নাৰায়ণাে সন্তুষ্ট হয়, তাৰ বাবে ঠায়ে ঠায়ে গৈ ভগৱানৰ মুর্তি বিচাৰি যোৱাৰ প্ৰয়ােজন নাই। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে সেয়ে মানুহৰ সেৱাৰ পাষকতা কৰিছে।

দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা Class 10 Assamese Question Answer

(ক) ছাত্র জীৱন কিহৰ সময়?
উঃ ছাত্র জীবন শিক্ষালাভৰ সময়।

(খ) শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র কি?
উঃ শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র হ’ল একাগ্রতা।

(গ) ছাত্র ছাত্রত্ব শক্তি কেতিয়া লােপ পায় ?
উঃ ছাত্ৰৰ মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পায়।

(ঘ) লেখকে কিহক ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে?
উঃ জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যােৱাটোক লেখকে ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে।

(ঙ) ছাত্রজীবন আৰু সমাজ সেৱা’ পাঠটোৰ লেখক কোন?
উঃ ছাত্ৰজীৱন আৰু সমাজসেৱা’পাঠটোৰ লেখক হ’ল ডিম্বেশ্বৰ নেওগ।

(চ) লেখকে কিহক ধিক্কাৰৰ কথা বুলি কৈছে?
উঃ কুৰি শতিকাৰ মাজভাগতত আমাৰ দেশত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰি থকাকে লেখকে ধিক্কাৰৰ কথা বুলি কৈছে।

(ছ) নগৰৰ জনক জননী কোন?
উঃ নগৰৰ জনক-জননীহ’ল গাঁও।

(জ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?
উঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্রীঃত শিৱসাগৰৰ কমাৰফলীয়া গাঁৱত জন্ম হৈছিল।

প্ৰ: লিখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য কি কি?

উ : শিক্ষা আহৰণ কৰি প্রকৃত জ্ঞান লাভ কৰাটোৱেই হৈছে। ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। এই সময়ছােৱা ছাত্ৰৰ বাবে সকলাে দিশৰ পৰাই মূল্যবান। লিখকৰ মতে শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক আৰু আধ্যাত্মিক ভাগবােৰ অনুশীলন কৰাই ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। মানুহৰ জীৱনৰ লক্ষ্য কি, কি কাম কৰিলে মানুহে জন্ম লােৱাৰ সার্থক হয়, সাংসাৰিক জীৱনত কি উ পায়েৰে কাম। কৰিলে কৃতকার্য হ’ব পাৰি এনে বিষয়ৰ জ্ঞানকে শিক্ষা বুলি ক’ব পাৰি।

প্ৰ: বর্তমানৰ প্রচলিত শিক্ষাৰ দোষ কি কি?

উ : বর্তমানৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ বহুতাে দোষ আছে। বর্তমানৰ শিক্ষাই যি জ্ঞান দিছে সেই জ্ঞানে সমাজৰ উন্নতি কৰিব পৰা নাই। তাৰ মূলতে হ’ল বর্তমানৰ শিক্ষাটো নম্বৰমুখী হ’বলৈ ধৰিছে। কর্মমুখীৰ পৰিৱর্তে বৃত্তিমুখী হােৱাৰ বাবে পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈ ভাল চাকৰি পােৱাৰ বাবেহে সকলাে আগবাঢ়িছে। বর্তমানৰ । অভিভাৱকেও বিদ্যালয়ৰ পৰা কেনেদৰে শিক্ষা আয়ত্ব। কৰিছে তাকো লক্ষ্য নকৰে। শাৰীৰিক উন্নতিৰ বাবেও বর্তমানৰ শিক্ষা ব্যৱস্থাই শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিয়া দেখা নাযায়। কিন্তু উন্নত দেশৰ শিক্ষাব্যৱস্থাটো সম্পূর্ণ সুকীয়া। সেইবােৰ দেশে কর্মমুখী শিক্ষাৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে।

প্ৰ: ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?

উঃ ছাত্ৰসকলেই হৈছে এখন দেশৰ ভৱিষ্যত। সমাজৰ হকে ছাত্ৰসকলৰ বহুতাে সামাজিক দায়বদ্ধতা আছে। সেয়েহে তেওঁলােকে জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান অর্জন কৰিব লাগে। তেতিয়াহে তেওঁলােকে দেশৰ সেৱাকার্যত নিজকে অর্পণ কৰিব পাৰিব, অর্থাৎ সমাজৰ পৰা ব্যভিচাৰ নির্মূল কৰিব পাৰিব, মানুহক শিক্ষিত কৰিব পাৰিব। সমাজৰ লােকক নিজৰ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিব পাৰিব।

ভাৰতীয় সংস্কৃতি Class 10 Assamese Question Answer

ভাৰতীয় সংস্কৃতি (হেম বৰুৱা)
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামভাৰতীয় সংস্কৃতি
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় 7
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

ভাৰতীয় সংস্কৃতি Class 10

প্রঃ ফ্ৰম’ভল্গা টু গংগা’ কোনে লিখিছিল?
উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাৱবস্তু দুটা কি কি?

উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

প্রঃ  ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

প্রঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?
উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমনক আর্যই অনার্যক সংস্কৃত কৰাৰ প্ৰতীকধর্মী নৃত্য বুলি আখ্যা দিছে।

প্রঃ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উঃ প্রকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

প্রঃ শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল।
উঃ প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মুল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ।

প্রঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মুল সম্পদ।

প্রঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
উঃ গান্ধীজীয়ে  নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

প্রঃ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে?
উঃ সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্র-শিল্পক বেছি স্থায়ী বােলা হৈছে।

প্রঃ  “সভ্যতা আৰু সংস্কৃতি” শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা ।
উ : সভ্যতা আৰু সংস্কৃতিৰ মাজত পার্থক্য আছে যদিও এটাক বাদ দি আনটো ব্যৱহাৰ কৰিব নােৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক নাইবা ৰাজনৈতিক অৱস্থাকে বুজায়। ই এটা সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতি বা সমাজ এখনৰ জীৱন প্রতিভা।

সভ্যতাই সমাজ এখন সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। এটা জাতি সু-সভ্য হ’ব পাৰে। আনহাতে ইয়াৰ তেনে কোনাে লেখত লবলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন, ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী।

প্রঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। —এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা।

উঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰৰ সত্যতা যুক্তিপূর্ণ। কিয়নাে সংমিশ্রিত সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতি- গােষ্ঠীৰ লােক আহি ভাৰতত থাকিবলৈ ল’লে। আর্য, অনার্য, দ্রাবিড়, মংগােলীয়, শক, মােগল, হুন, ব্রিটিছ আদি বিভিন্ন জাতি-উপজাতি, বিভিন্ন ধর্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লােকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণতেই ভাৰতীয় সংস্কৃতি গঢ় লৈছে। এওঁলােকে বেপাৰ, ধর্ম, ৰাজ্যজয়, প্রাকৃতিক সৌন্দর্য আদিৰ কাৰণত ভাৰতলৈ আহি পিছত ভাৰতীয় হৈ পৰে। তেওঁলােকৰ নিজৰ ভাষা, সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপােন কৰি ভাৰতীয় সংস্কৃতিত জাহ যায়। তাৰ ফলত ভাষাতত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলােতে এক সমন্বয়ৰ ধাৰা প্রবাহিত হ’বলৈ ধৰে।

উদাহৰণস্বৰূপে দেশ জয়ৰ বাবে অহা ইছলামসকলৰ ভাস্কৰ্যৰ লগত প্রচলিত ভাৰতীয় ভাস্কৰ্যৰ মিলন ঘটি সৃষ্টি হ’ল সংহতিৰ ভাস্কর্য। সমন্বয়ৰ আদৰ্শৰে ভাৰতীয় সংস্কৃতি জীয়াই আছে বুলি ক’ব পাৰি। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। ভাৰতৰ বুৰঞ্জী অধ্যয়ন কৰিলেই ৰাজনৈতিক আদর্শ, স্থাপত্য, ভাস্কর্য, সাহিত্য, দর্শন, নৃত্য আদি সকলােতে যে সমন্বয়ৰ সৃষ্টি হৈছে তাকে বুজিব পাৰি। ভাৰতীয় সংস্কৃতি এই সমন্বয়ৰ আদর্শতে জীয়াই আছে আৰু থাকিবও।

Class 10 assamese ভাৰতীয় সংস্কৃতি

প্রঃ উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ উত্তৰ ভাৰত, দাক্ষিণাত্য ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্য আদিত ভাৰতীয় জীৱনৰ প্রাণস্বৰূপ সমন্বয়ৰ ইংগিত পোৱা যায়। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্রভাৱ পোনপটীয়াকৈ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এনে ভাস্কৰ্যই সংহতিৰ বতৰাহে বিলাই দিছে। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰৰ জৰিয়তে প্রকাশ পাইছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত দাক্ষিণাত্যৰ দৰে কাৰু-কাৰ্যৰ বিশালতা নাথাকে। দাক্ষিণাত্যৰ ভাস্কৰ্যত নিজস্ব পদ্ধতি বিৰাজমান। বহিৰাগত প্রভাৱ এই ভাস্কৰ্যৰ ওপবত পোনপটীয়াকৈ পৰা নাছিল। সেয়েহে এই ভাস্কৰ্যত নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্যক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ,ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াৰ অন্য এক বৈশিষ্ট্য হৈছে গঠনৰ বিশালতা। প্ৰত্যেকটো ভংগীমাই সুকীয়া আৰু আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰ কথা ক’ব পাৰি। এই মন্দিৰত অন্তঃ এহেজাৰটা স্তম্ভ আছে যদিও এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ-সজ্জাৰ জাকজমকতাই আৰু প্রতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰি তোলে।

সৌন্দৰ্যবোধৰ পৰিচায়কৰূপে ইছলামীয় ভাস্কৰ্য প্রতিষ্ঠিত। গঠনৰ সৰলতা আৰু সূক্ষ্মতাই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। এই ভাস্কৰ্য জ্যামিতিৰ ছবিবোৰৰ দৰে সৰল। ইছলামীয় ভাস্কৰ্যক সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক’ব ‘নোৱাৰি। ই সমন্বয়ৰ বাহকহে। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ এট নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলত হ্যাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্রদান কৰিছে। এনেদৰেই এটা নতুন ধাৰাৰ সৃষ্টি হৈছে। এই সমন্বয়ৰ আদৰ্শ যতেই সফল হৈছে ‘তাতেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখা পাইছো।

প্রঃ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উঃ উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ- বস্তুৰ ওপৰত লোক সংগীতৰ প্রভাৱ বুলিব পাৰি।

ভাৰতীয় সংস্কৃতি Class 10 Assamese Question Answer

প্রঃ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উ:  অজন্তা গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতি তথা ঐতিহ্যৰ বাহক। অজন্তা গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি- প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ একেলগে অংকিত হৈছে।

দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। প্রাক মুছলিম যুগৰ জীৱনৰ প্রাচুৰ্যৰ কথাও এই ছবিবোৰত অংকন কৰা আছে। প্রথম শাৰীত আছে দয়া-ধ্যান আৰু মৌনতা। দুয়োবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে। তথাপি পৃথক যদিও এই দুখন পৃথকভাৱে অংকিত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্প গৌৰৱ। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই ফালৰপৰা চাবলৈ গ’লে অনুভূতিৰ প্রসাৰ মোগল আৰু ৰাজপুত আৰ্টব প্রধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ। এইবোৰৰ স্থবিৰতাৰ মাজতো হয়তো লুপ্ত আনন্দধাৰ উজ্জ্বল হৈ আছে।

প্রঃ “সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা। 
উঃ সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাৰ বুকুত আঁচোৰ মাৰিহে সংস্কৃতিয়ে আৰােহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী। অর্থাৎ, সভ্যতাই বস্তুগত প্রাচুর্য, দক্ষতা, সুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা-চৰ্চা, আচাৰ-ব্যৱহাৰৰ সচেতনতা, শালীনতা আদিহে বহন কৰে।

আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। অর্থাৎ, সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কর্মপদ্ধতি, সাজ-পােছাক আদি বহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগােচৰ নহয়, কাৰণ সভ্যতাৰ বিকাশ অতি ধীৰ গতিত হয়। কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছুগতিত পৰিৱৰ্তিত ৰূপত দেখা দিয়ে।

সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে। সভ্যতাৰ সংমিশ্রণ নঘটে। কিন্তু সংস্কৃতিৰ মিশ্রণ ঘটে। উদাহৰণস্বৰূপে সিন্ধু সভ্যতা বুলি কওঁতে আমি কেৱল  সিন্ধু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাকহে বুজো। কিন্তু ভাৰতীয় সংস্কৃতিবুলি কওঁতে আর্য, অনার্য, মােগল আদিৰ সংমিশ্রিত সংস্কৃতিৰ কথাকোবুজো।

আনহাতে মানুহৰ বুদ্ধি-কৌশল বা প্রযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে যিমান ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ সৈতে নহয়। সিন্ধু সভ্যতা আৰু মহেঞ্জোদাৰােৰ সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্যবােৰে তাৰে নিদর্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবােৰৰ সংস্কাৰহে সাধন কৰিব পাৰে। সভ্যতা আৰু সংস্কৃতিৰ মাজত পার্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাইহে সমাজ সু-শৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে।

দশম শ্ৰেণীৰ অসমীয়া Class 10 Assamese Question Answer

প্রঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটো কেনে আছিল লিখা।
উঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ ধাৰাটোৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। এই চিত্রকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ।

ইয়াৰ জন্ম হৈছিল টাইমূৰ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্রকলাৰ ধাৰাটো যুগৰ অনুসৰি কঠোৰ আৰু ব্যক্তিবাদী হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱর্তে বিপুল উৎসাহ-উদ্দীপনা তথা প্রেৰণাহে আছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ’লেও চিত্র-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নােহােৱা কৰিছিল। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়ােটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

প্রঃ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উঃ উত্তৰ ভাৰতৰ সংগীতে গাম্ভীর্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযােগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰবস্তুৰ ওপৰত লােক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে।

প্রঃ ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উ : বিভিন্ন জাতি-উপজাতি, বিভিন্ন সভ্যতা সংস্কৃতি, বিভিন্ন ধর্ম তথা ধর্মাৱলম্বী লােকৰ সমন্বয়ৰ ভাৰতীয় সংস্কৃতিলৈ ইছলামৰ অৰিহণা লেখতল’বলগীয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ইছলামীয় ভাস্কর্য, স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। বিশেষকৈ ইছলাম ধৰ্মৰ ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি কোৱা হয় যদিও ছুফিবাদ আৰু ভাৰতীয় শাস্ত্র উপনিষদৰ মাজত বহুতাে মিল আছে। আনহাতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্ৰদান কৰিছে। ফলত নতুন ধাৰাৰ সৃষ্টি হোৱাত “তাজমহলৰ দৰে অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। ভাৰতৰ প্রচলিত চিত্রশিল্পৰ লগত ইছলামীয় চিত্রশিল্পৰ মিলন হৈ ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র প্রদান কৰিছে। ইছলাম ধৰ্মৰ আধ্যাত্মিকতাবাদেও হিন্দু সমাজৰ ওপৰত সুকীয়া প্ৰভাৱ পেলাইছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰপৰা দূৰৈত ৰাখিছিল। অর্থাৎ ইছলাম ধৰ্মৰ প্রচলিত মানুহৰ মুক্তিৰ বাণীৰ দ্বাৰা ভাৰতীয়সকল প্ৰভাৱান্বিত হৈছিল। সাহিত্যৰ ক্ষেত্ৰতাে পাঠান আৰু মােগল সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল। মুঠৰ ওপৰত স্থাপত্য, ভাস্কর্য, সংগীত, সাহিত্য আদি সকলােতে ইছলাম ধৰ্মৰ অৱদান অপৰিসীম।

ভাৰতীয় সংস্কৃতি class 10

প্রঃ প্রাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা?
উ : অজন্তৰ গুহাৰ চিত্ৰসমূহত প্রাক্ মুছলিম যুগৰ চিত্ৰকলাৰ নিদর্শন সন্নিৱিষ্ট হৈ আছে। সন্যাস আৰু সমূহীয়া জীৱন এই দুটা ভাৱবস্তু অজন্তাৰ চিত্ৰবােৰত বিৰাজমান। প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ বতৰা এই চিত্ৰবােৰৰ মাজত প্রকাশ পাইছে। উদাহৰণস্বৰূপে উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবােৰত প্ৰাক্ মুছলিম যুগৰ ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাই মুছলিম যুগত যথেষ্ট আগবাঢ়িছিল। মােগল সম্রাট বাবৰৰ আমােলত চিত্রশিল্পৰ নতুন ধাৰা প্রথমে ভাৰতত প্ৰৱেশ কৰে। প্ৰচুৰ ব্যক্তিবােধ আছিল এই চিত্রশিল্পৰ মূল ভাস্কর্যৰ ক্ষেত্ৰত তাজমহলৰ সৃষ্টিয়ে মুছলিম যুগৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। মােগলৰ শাসনকালত এনে বহুতাে ভাস্কর্য কীৰ্তিচিহ্নৰ নিদর্শন আজিও জিলিকি আছে।

প্রঃ ব্যাখ্যা কৰাঃ

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উ : উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
কথাফাকিৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতি যে স্থিৰ নহয় অর্থাৎ পৰিৱর্তনমুখী তাকে ক’ব বিচাৰিছে।

ভাৰতীয় সংস্কৃতি বৈচিত্র্যময়। বিভিন্ন জাতি, জনজাতিৰ ভাষা, সাহিত্য, সুকুমাৰকলা, স্থাপত্য, ভাস্কর্য আদি উপাদানেই হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠী।
সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা নিৰবিচ্ছিন্নভাৱে বোৱতি নদীৰ দৰে বৈ আছে। অতীতৰপৰা গ্রীক, শক, হুন, আদি বিভিন্ন মানৱগােষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি গঢ়িলে। আজিও ই মূল চালিকা শক্তিৰূপে প্রবাহিত হৈ আছে। কালক্ৰমত তেওঁলােকৰ আচাৰ-ব্যৱহাৰ, নিজ ভাষা, সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপােন কৰি ল’লে। তেওঁলােকৰ নৃত্য, কলা, চিত্র আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে।

ভাৰতীয় সংস্কৃতি class 10 প্ৰশ্ন উত্তৰ

(খ) সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উঃ উদ্ধৃত কথাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কথাফাকিৰ দ্বাৰা লিখকে আর্ট বা কলাৰ মূলতে থকা বিপৰীত পন্থা দুটা তথা ভিন্নতাৰ কথা ক’ব বিচাৰিছে।
ভাৰতীয় সংস্কৃতিলৈ চিত্রকলাৰ বহুতাে অৱদান। আছে। লেখকৰ মতে সাধাৰণতে সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰআত্মা স্পর্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ অৱতাৰণ কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে দ্বিতীয়টোৰ বহির্জাগতিক বিস্তৃতি নাই।

(গ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
উ : উদ্ধৃত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিত থকা হেমবৰুৱাৰ ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ভাৰতীয় সংস্কৃতিৰ মূল সূতি কিদৰে, ক্রমবর্ধমান সোতেৰে বৈ আছে তাকে ক’বলৈ এই কথা ফাকিৰ অৱতাৰণা কৰিছে।

ভাৰতৰ বুৰঞ্জী ভঙা গঢ়াৰ বুৰঞ্জী। ইটোৰ পিছত সিটো মানৱগােষ্ঠীৰ আক্রমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ ইত্যাদি
ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সূতি ক্রমবর্ধমান সোতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যােৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতভূমিত ৰাজপুত, মােগল আদি জাতি এনে এক প্রক্রিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলােকে সময়ৰ গতিত নিজৰ সকলােখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবােৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

ভাৰতীয় সংস্কৃতি Class 10 গুৰুত্বপূৰ্ণ একাধিক বিকল্পপ্ৰশ্ন

১)‘ ফ্ৰম্ ভল্গা টু গংগা ‘ নামৰ কিতাপখন কোনে ৰচনা কৰিছিল ?
ক) ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে
খ) কীট্ছে
গ) হেম বৰুৱাই
ঘ) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে
উত্তৰ: ঘ) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে

২)অজন্তাৰ গুহাবোৰে ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ কথা প্ৰতিফলিত কৰে ?
ক) বৌদ্ধ যুগৰ
খ) আৰ্য যুগৰ
গ) অনাৰ্য যুগৰ
ঘ) ইছলামীয় যুগৰ
উত্তৰ: ক) বৌদ্ধ যুগৰ

৩)উত্তৰ ভাৰতৰ ভাস্কৰ্য্যবোৰক সংহতিৰ ভাস্কৰ্য বুলি কিয় কোৱা হয় ?
ক) কাৰণ এই ভাস্কৰ্যবোৰত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি ।
খ) কাৰণ এই ভাস্কৰ্যবোৰ জ্যামিতিৰ ছবিবোৰৰ দৰে সৰল ।
গ) কাৰণ এই ভাস্কৰ্যবোৰত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ আছে ।
ঘ) কাৰণ এই ভাস্কৰ্যবোৰৰ প্ৰত্যেকটোৰে ভংগীমা সুকীয়া ।
উত্তৰ:গ) কাৰণ এই ভাস্কৰ্যবোৰত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ আছে

৪) ভাৰাক্ৰান্ত ‘ শব্দটোৰ সন্ধি ভাঙিলে তলত দিয়া কোনটো ভাঙনি পাম ?
ক) ভাৰ + ক্ৰান্ত
খ) ভাৰ + আক্ৰান্ত
গ) ভৰ + ক্ৰান্ত
ঘ) ভাৰা + ক্ৰান্ত
উত্তৰ: খ) ভাৰ + আক্ৰান্ত

৫) ৰাজনৈতিক ‘ শব্দটো তলৰ কোনটো পদৰ অন্তৰ্ভূক্ত হ’ব ?
ক) সৰ্বনাম
খ) বিশেষ্য
গ) ক্ৰিয়া
ঘ) বিশেষণ
উত্তৰ: ঘ) বিশেষণ

 

অৰ্থ লিখাঃ

তৰহৰ↔বিধৰ, ধৰণৰ।

উদবাউল→উদ্‌গ্ৰীৱ ৷
অবিচ্ছিন্ন→বিৰাজমান।
নৈৰাশ্য→নিৰাশ ভাৱ।

আঁচোৰ→সাঁচ।
মৰ্মস্থলী→হৃদয়মূল।

অধোগামী→তললৈ গতি কৰা।

উচ্চাঙ্গ সংগীত→ শাস্ত্ৰীয় সংগীত।

ব্যাপ্ত→বিয়পি থকা।
অদৃষ্ট→ভাগ্য।

তিষ্টি→বৰ্তি।

প্রাদুৰ্ভাৱ→প্রভাৱ।

ভাৰতীয় সংস্কৃতি Class 10 সন্ধি ভাঙা

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্রান্ত, সন্মত
উঃ সংস্কৃতি: সম্ + কৃতি

সমন্বয়: সম্ + অন্বয়
সম্বন্ধ: সম্ + বন্ধ
ভাৰাক্রান্ত: ভাব + আক্রান্ত
সম্মত : সম্ + মত

২২। বিশেষণ আৰু বিশেষ্যলৈ নিয়া
বৈচিত্র্য, ভৌগােলিক, বিস্তৃতি, নৈৰাশ্য, বিল্পর
উঃ বৈচিত্র্য →বিচিত্র।
ভৌগােলিক →ভূগােল
বিস্তৃতি →বিস্তৃত।
নৈৰাশ্য→ নৈৰাশ।
বিল্পর → বৈপ্লৱিক

ভাৰতীয় সংস্কৃতি Class 10 অতি চমু প্রশ্নোত্তৰ

১। হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখা।
উঃ হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থখন হ’ল ‘The Red River and the Blue Hill”।

২। আৰ্যসকলৰ আদিম বাসভূমি ক’ত ?
উঃ আৰ্যসকলৰ আদিম বাসভুমি মধ্য এছিয়াত।

৩। ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ কি?
উঃ ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ সমন্বয়ৰ সংস্কৃতি।

৪। মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ কি?
উঃ মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।

৫। সংস্কৃতিৰ অর্থ কি ?
উঃ সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।

৬। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উঃ ভাৰতীয় জীৱনৰ মুল সম্পদ সংস্কৃতিৰ অরিচ্ছিন্ন ধাৰ

৭। কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল ?
উঃ গ্রীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।

৮। সংস্কৃতিৰ মাপকাঠী কি?
উঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্রকাশিত প্রতিভাই সংস্কৃতিৰ মাপকাঠী।

৯। হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
উঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনার্য যুগৰ অৱদান।

১০। চুফীবাদৰ মূল আধাৰ কি?
উঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।

১১। লিংগ পুজা কোন যুগৰ নিদর্শন?
উঃ লিংগ পূজা অনার্য যুগৰ নিদর্শন।

১২। কামাখ্যাত আগেয়ে কোন সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল ?
উঃ কামাখ্যাত আগেয়ে গাৰৰ সম্প্ৰদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।

১৩। ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য কি?
উঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য।

প্রঃ ফ্ৰম’ভল্গা টু গংগা’ কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল?

উঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল।

প্রঃ অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাৱবস্তু দুটা কি কি?

উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

প্রঃ  ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?

উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Question Answer

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
বিষয়অসমীয়া
কিতাপৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামঅসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
শ্ৰেণী দশম (X)
অধ্যায়অধ্যায় ৮
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

১) প্ৰাচীন কালৰে পৰা অসম দেশখন কিহৰ বাবে প্ৰসিদ্ধ আছিল ?
ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে
খ) বিভিন্ন ভাষা গোষ্ঠীৰ বাবে
গ) বিভিন্ন চাহ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে
ঘ) বৈচিত্ৰপূৰ্ণ সাহিত্য সমলৰ বাবে
উঃ ক) যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে

২)অসমত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
ক) আহোমসকল অসমলৈ অহাৰ পাছত
খ) বৃটিছসকল অসমলৈ অহাৰ পাছত
গ) লোহাৰসকল অসমলৈ অহাৰ পাছত
ঘ) চাহ বনুৱা সকল অসমলৈ অহাৰ পাছত
উঃ খ) বৃটিছসকল অসমলৈ অহাৰ পাছত

৩) ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল’ -কিহৰ বাবে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ?
ক) বাহিৰৰ পৰা অহা লোকসকলেও অসম দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰাৰ বাবে
খ) থলুৱা জন-জাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰা বাবে
গ) অসম দেশলৈ নতুন সংস্কৃতিসম্পন্ন লোক অহা বাবে
ঘ) অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম হোৱা বাবে
উঃ ক) বাহিৰৰ পৰা অহা লোকসকলেও অসম দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰাৰ বাবে

৪) তলৰ কোনটো শব্দই ‘নিগাজী‘ শব্দৰ অৰ্থ প্ৰকাশ কৰিছে ?
ক) বিভেদকামী
খ) বংশ
গ) জীন যোৱা
ঘ) স্থায়ী
উঃ ঘ) স্থায়ী

৫) ‘বৃটিছ আহিল, চাহ উদ্যোগ ________ হ’ল
খালী ঠাইত তলৰ উপযুক্ত ‘প্ৰ’ উপসৰ্গ থকা শব্দটোৰে সম্পূৰ্ণ কৰা ।
ক) প্ৰধান
খ) প্ৰতিষ্ঠা
গ) প্ৰভাৱান্বিত
ঘ) প্ৰাচীন
উঃ খ) প্ৰতিষ্ঠা

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

 ১) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?
উঃ ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছে মংগােলীয় গােষ্ঠী।

 ২) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

৩) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

৪) সকলােকে বান্ধি থােৰা এনাজৰীডাল কি আছিল?
উঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

৫) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক?
উঃ অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক হৈছে আহােমসকল।

অর্থ লিখা

নিগাজী→ স্থায়ী। স্বকীয়তা→নিজস্বতা। আঁহফলা নীতি →বিভেদকামী মনােভাব। জাহ যােবা→জীন যােব, মিলি যােবা। তান্ত্রিক ধর্ম→ প্রাচীন তন্ত্ৰৰ ওপৰত প্রতিষ্ঠিত হিন্দু ধর্ম। উপভাষা →মুল ভাষাৰ আঞ্চলিক ৰুপ। লােকগীত→ অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লােকগীতৰ আখ্যা দিয়া হয়।উদাহৰণস্বৰূপে নিচুকনি গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বনগীত ইত্যাদি।

চমু উত্তৰ লিখাঃ

১) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উঃ অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে প্রধানকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী মিচিং, বড়াে, তিৱা, কাৰ্বি আদি অনার্য জাতিবােৰক বুজায়

২) কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

৩) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােকে ক’ৰ পৰা অসমলৈ আহিছিল ?
উঃ চাহ-উদ্যোগৰ কৰ্মীসকল হৈছে চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, তাতী, লােহাৰ আদি। তেওঁলােকে বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

৪) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে – পৰাথা, পােলাও, কোর্মা-কোপ্তা, কে’ক-বিস্কুট, ৰুটি, ৰসগােল্লা, লাল-মােহন, চিঙ্গা, লুচি-পুৰী, ড’চা, চাম্বাৰ,
ইডলি।।

৫) অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি?
উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

৬) অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে– কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা  বর্ণনা কৰা।

উঃ সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জনগােষ্ঠীৰ সমষ্টি। ভিন ভিন জনগােষ্ঠীয়ে স্বকীয়  বর্ণাঢ্য সংস্কৃতিৰে অসমৰ স্বকীয়তা গঢ়ি তুলিছে। প্রাচীন কালৰেপৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গােষ্ঠী অর্থাৎ অনার্য জাতিৰ লােক। কছাৰী, চুটিয়া, মেচ, কোচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাবি আদি প্রধান জনগােষ্ঠীসমূহকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জাতি-জনগােষ্ঠীসমূহেও অসম ভুমিত বাস কৰিছিল।

এই সকলোেবােৰ জাতি-জনগােষ্ঠী নিজৰ স্বকীয় ভাষা-সংস্কৃতিৰ এৰা-ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশালবৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছে।  ত্রয়ােদশ শতিকাত এইবােৰ জনগােষ্ঠীৰ লগতে অসমলৈ নতুন গােষ্ঠীৰ আগমন ঘটিল– সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগােলীয়সকল। মংগােলীয় গােষ্ঠীৰ ভিতৰত আহােমসকলে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। সেই সময়তে অসমলৈ আহিছিল মুছলমানসকলাে।  উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্রতিষ্ঠা কৰাত অসমলৈ আহিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ,তাঁতী, লােহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ জাতিসমুহ। বেপাৰ বাণিজ্যৰ সূত্ৰ ধৰি অসমৰ বাসিন্দা হ’ল পাঞ্জাৱী, শিখ, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী লােকসকল।

এনেদৰে বিভিন্ন সময়ত বিভিন্ন কথা-কাণ্ডৰ গইনা লৈ অসমত বিভিন্ন জাতি- জনগােষ্ঠীয়ে নিজস্ব সংস্কৃতি সহিতে বাস কৰিবলৈ ল’লে আৰু আজি এইবােৰ অসমৰ এৰাব নােৱাৰা অংগ হৈ পৰিল। ইয়াৰ কোনােটোকে বাদ দি অসমীয়া সংস্কৃতি সম্পূর্ণ নহয়। বৈচিত্র্যপূর্ণ ভাৰতৰ আটাইতকৈ বিচিত্র প্রান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগােষ্ঠীৰ বিচিত্র গাঁথনিৰ বাবে।

৭) ‘বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল’–ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা।

উঃ ইয়াত ঔদ্যোগিক আৱেষ্টনী মানে ব্রিটিছসকলে অসমত প্রতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা ক’বলৈ বিচৰা হৈছে। চাহউদ্যোগৰ লগত জড়িত লোেকসকলে অনুকুল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিব লগা হােৱা বুলি লেখকে কৈছে। ঊনবিংশ শতিকাত বৃটিছৰ আগমনে অসমত এক নতুন উদ্যোগৰ সূচনা কৰিলে, সেয়া হৈছে চাহ উদ্যোগ। এই উদ্যোগত কাম কৰিবলৈ বিহাৰ,উৰিষ্যা, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুসংখ্যক লােক আহিল অসমলৈ। অসমৰ চাহ উদ্যোগৰ এৰাব নােৱাৰা অংশ হৈ পৰিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰাং, তাঁতী, লােহাৰ আদি জাতিৰ লােকসকল।

এওঁলােকে আহোঁতে অসমলৈ লৈ আহিল নিজস্ব সংস্কৃতি। অসমৰ থলুৱা আচাৰ-নীতি, মাত-কথা, সাজ-পাৰ এওঁলােকে গ্রহণ কৰিলে আৰু তাৰ মাজতে মিলাই পেলালে নিজৰ কৃষ্টি-সংস্কৃতিও। যিহেতু এওঁলােক ঔদ্যোগিক কামতহে অসমলৈ আহিছিল, সেয়ে চাহ উদ্যোগৰ জৰিয়তে অসমলৈ অর্থনৈতিক বৰঙণি যােগাব পাৰিলে যদিও সাংস্কৃতিকভাৱে সিমান মিলিব নােৱাৰিলে। কিয়নাে, এওঁলােক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিল আৰু চাহৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হােৱাত সাংস্কৃতিক পৰিৱেশৰ পৰাও দূৰত থাকিব লগা হৈছিল। তদুপৰি মূল জনসোঁতৰ পৰা দূৰৰ চাহ বাগানবােৰত এওঁলােক থাকিবলগীয়া হােৱাত থলুৱা সংস্কৃতি চর্চা যথেষ্ট কম হৈছিল।মুঠতে চাহকেন্দ্রিক ঔদ্যোগিক আৱেষ্টনীয়ে চাহ বনুৱাসকলক অসমৰ থলুৱা সাংস্কৃতিক পৰিৱেশৰ পৰা বহুখিনি নিলগাই ৰখাৰ কথা প্রশ্নোদ্ধৃত কথাফাকিত স্পষ্টভাৱে ওলাই পৰিছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

৮) “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনাে যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনাে যুক্তিতর্কৰ অৱকাশ নাই।” বােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উঃ ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্র এটা জনগােষ্ঠী আৰু তেওঁলােকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। প্রাচীন কালৰ পৰাই অসম হ’ল ভিন ভিন জাতি- জনগােষ্ঠীৰ বাসস্থান বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগােষ্ঠীৰ লােকেও অসমলৈ আহি অসমৰ থলুৱা লােকসকলে সকলােকে নির্বিাদে গ্ৰহণ কৰিছিল।

প্রথম অৱস্থাত সকলােৱে নিজ নিজ ভাষা-সংস্কৃতি ৰক্ষা কৰিছিল যদিও উমৈহতীয়া স্বাৰ্থত বহিৰাগতসকলে নিজৰ ভাষা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সংস্কৃতিকো আঁকোৱালি লৈছিল। এনেদৰে একেটা ভৌগােলিক পৰিবেষ্টনীত ওচৰা-উচৰিকৈ থকাত এটা সম্প্রদায়ে আন এটা সম্প্রদায়ৰ ভাষা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ ধৰিছিল। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি-জনগােষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ আদান- প্ৰদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্রিত সংস্কৃতিসম্পন্ন অসমীয়া জাতিৰ গঠন হৈছিল। এইক্ষেত্ৰত কোনাে জাতি-জনগােষ্ঠীৰ অৱদানকে অৱমাননা কৰিব পৰা বিধৰ নহয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱা কথাষাৰ তেনেই সত্য।

৯) “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।”—কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উঃ অসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল। আৰু এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ ঘটিছিল সংস্কৃতিৰাে।
প্রাচীন কালত অসম অনার্য জাতিৰ বাসস্থান আছিল। ত্রয়ােদশ শতিকাত মংগােলীয় গোষ্ঠীৰ লােকসকল বিশেষকৈ আহােমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লােক অসমলৈ আহে আৰু অসমতে নিগাজীকৈ থাকিবলৈ লয়।এওঁলােকৰ ভিতৰত কোনােবাই দেশ জয় কৰিবলৈ অসমলৈ আহিল, আকৌ যুদ্ধবন্দী হিচাপে নভবাকৈয়ে কোনােবা অসমত থাকিগ’ল। তদুপৰি বেপাৰ- বাণিজ্য, পূজা-পার্বন আৰু তীর্থ সংক্রান্তত কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল।

ৰজাঘৰীয়া পৃষ্ঠপােষকতা লাভ কৰি অহা জাতিও অসমৰ মাটিত ৰৈ গ’ল। এওঁলােক প্রত্যেকেই নিজস্ব সুন্দৰ সংস্কৃতি অসমৰ বহল বুকুত উলিয়াই থ’লে আৰু অসমৰ প্রাচীন বাসিন্দাসকলে সেয়া গ্রহণ কৰিলে। লাহে লাহে বহিৰাগত লােকসকলে তেওঁলােকৰ পূৰ্বৰ সংস্কৃতি পাহৰি অসমৰ সংস্কৃতি সমৃদ্ধ কৰাত মনােনিৱেশ কৰিলে ইয়াত পূর্বৰে পৰা চলি অহা ভাষা-সংস্কৃতিক তেওঁলােকে নিজৰ কৰি ল’লে, তেওঁলােক মনে-প্রাণে অসমীয়া হ’ল। এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ স্বাভাৱিকভাৱেই ঘটিল পূর্বৰে পৰা চলি অহা অসমীয়া সংস্কৃতিৰ।

প্রত্যেক সম্প্রদায়ৰ ভাল লগা কথাবোেৰ পৰস্পৰে গ্ৰহণ কৰিলে। নতুনত্ব চৌদিশে উপচি পৰিল। মুকলি মনেৰে আধুনিকতাই প্রৱেশ কৰিলে অসমীয়া সংস্কৃতিৰ মাজত। এই ৰূপান্তৰৰ প্রক্রিয়া আছিল স্বতঃস্ফুর্ত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এনেদৰেই স্বতঃস্ফূর্ত প্রক্রিয়াৰে আজিৰ বণার্চ আৰুবাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

তাৎপর্য ব্যাখ্যা কৰা ?

১০) দেখা যায় সকলােকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উঃ ভিন ভিন জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেঁতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে–প্ৰশ্নোদ্ধৃত কথাফাকিত ফুটি উঠা ভাব এয়াই। প্রাচীন কালৰে পৰাই অসম বিভিন্ন জাতি-জনগােষ্ঠীৰ ভূখণ্ডৰূপে পৰিচিত। ইয়াত থলুৱা অনার্য লােকসকলৰ লগতে বহিৰাগত ভিন ভিন জাতিৰ লােকে বিভিন্ন সময়ত আহি বসবাস কৰিবলৈ লয়। এই অসম প্রদেশৰ মুখ্য ভাষা হৈছে অসমীয়া। এওঁলােকে নিজ দোৱান বা উপভাষাতে নিজৰ মাজত কথা পাতিলেও প্রত্যেকেই অসমীয়া ভাষা বুজে আৰু কয়।

অসমীয়া ভাষাক তেওঁলােকে উমৈহতীয়া ভাষাৰূপে গ্রহণ কৰিছিল। সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি সমগ্র অঞ্চলৰ সামূহিক ভাষাৰূপে অসমীয়া ভাষাই ভৌগােলিক, সামাজিক বিভিন্নতাৰ মাজত সেঁতু গঢ়িছিল। এই সেঁতু ইমান মজবুত আছিল যে অসমত আহােমে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে; প্রত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলােকৰ আপােন হৈ পৰিছিল অসমীয়া, মাতৃভাষা । অসমীয়া  ভিন ভিন সংস্কৃতিসম্পন্ন হলেও একভাষিক চেতনাই সকলােকে এক কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

১১) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাবে হােৱা প্রক্রিয়া।

উঃ ভিন ভিন জাতি-জনগােষ্ঠীৰ কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। এইকার্য বিভিন্ন সময়ত বিভিন্ন প্রক্রিয়াৰ মাজেৰে সংঘটিত হৈছে। লেখকে ক’ব বিচাৰিছে যে এই প্রক্রিয়াবােৰ অতি স্বাভাবিক। আমাৰ অজানিতে আমি ভিন্নতা পৰিহাৰ কৰি এক হৈছে। বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত কেৱল নিজৰটোকে ধৰি নাৰাখি অইনৰটোও গ্রহণ কৰিছে, অইনেও আমাৰটো আঁকোৱালি লৈছে, বিভিন্ন ভাৰতীয় তথা বিদেশী খাদ্যই আমাৰ ৰান্ধনিশালত ঠাই উলিয়াই লৈছে।

এই ক্ষেত্ৰত আগৰ নিচিনা জাত- কুলৰ বিচাৰ নাইকিয়া হােৱা বুলি ক’ব পাৰি। বিয়া, দাহ-সকাৰ আদি প্রথাত ভিন ভিন জাতিৰ লােকে একেলগে ভাগ ল’ব পৰা হৈছে, একেদৰে পৰস্পৰে। পৰস্পৰৰ উৎসৱ-অনুষ্ঠানত যােগ দিয়ে। জাতি-ধৰ্মৰ প্ৰাচীৰ আমি ভাঙিব পাৰিছো। নিজ কৃতি বা কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰুসম্প্রীতি ৰক্ষাৰ বাট। স্তৰেৰে আপােনা-আপুনি হােৱা এই কৰ্ষণৰ প্রক্রিয়া নিঃসন্দেহে স্বাভাবিক। কিয়নাে সময়ৰ লগত খােজ মিলাই পৰিৱর্তনে সংস্কৃতিলৈ নতুনত্ব আনিবই। আমি এই স্বাভাবিক প্রক্রিয়াক ইতিবাচক পদক্ষেপেৰে আগুৱাই নিব লাগে। লেখকে এই ভাবেই ব্যক্ত কৰিছে।

১২)  এইয়া আছিল দিয়া-লােৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।

উঃ সংস্কৃতি পৰিৱর্তনশীল। অসমতাে বিভিন্ন জাতি-ধৰ্মৰ মানুহবাস কৰাৰ ফলত সময়ৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। প্রশ্নোক্তৃত কথাফাকিৰে
লেখকে এনে পৰিৱর্তনৰ কথাকে কৈছে। অসমত পূর্বতে অনার্য জাতিৰ লােকসকলে বাস কৰিছিল। সেই সময়ত তেওঁলােকৰ সংস্কৃতিয়েই আছিল অসমৰ সংস্কৃতি। কালক্ৰমত অসমলৈ। বিভিন্ন জাতি আৰু ধৰ্মৰ লােকৰ প্ৰব্ৰজন ঘটিল; লগে লগে অসমলৈ আহিল। কেইবা প্ৰকাৰৰৰ সংস্কৃতি। সকলােৱে পৰস্পৰৰ সংস্কৃতিক আঁকোৱালি ল’লে। নিজৰ কিছুমান এৰিলে আৰু কিছুমান পূৰ্বৰ সংস্কৃতিৰ সতে যােগ দিলে।সকলােৱে এটা ভাষাই গ্রহণ কৰিলে সেয়া হৈছে অসমীয়া ভাষা।

অসমীয়া ভাষাই সকলােকে এক কৰি বান্ধি ৰাখিলে। সকলােবােৰ সম্প্ৰদায়ৰ ভিতৰত কাৰােবাৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি অইন কাৰােবাৰ ভাল লগাত তেওঁলােকে গ্রহণ কৰিলে। আকৌ, একেই কথা প্রযােজ্য হ’ল খােৱা-বােৱা, পিন্ধা উৰাৰ ক্ষেত্ৰতো। কোনােৱে কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ভিন্ন সম্প্রদায়ৰ মাজত সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল—এয়া আদর্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্রত্যেক সম্প্রদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল। সংস্কৃতিসম্পন্ন জাতি একোটাৰ ত্যাগ কৰিব পৰা বা গ্ৰহণ কৰিব পৰাৰ মানসিক শক্তি থকা বাবেই সেয়া সম্ভৱ হৈছিল। প্রশ্নোক্ত কথাফাকিত আমি এনে ভাবৰেই উমান পাওঁ।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰশ্ন উত্তৰ

ভাষা বিষয়ক

১) সন্ধি ভাঙা 

সংস্কৃতি, জলাঞ্জলি, ভৌগােলিক।

সংস্কৃতি:  সম্ + কৃতি,
জলাঞ্জলি: জল + অঞ্জলি
ভৌগােলিক: ভূগােল + ইক

২) প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উঃ প্রবল, প্ৰহাৰ, প্ৰকাৰ।

বাক্য ৰচনা কৰা?

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰবাণিজ্য, সহজ-সৰল, দিয়া-লােৱা, এৰা-ধৰা।

উঃ ভাষা-সংস্কৃতিঃ অসমৰ প্ৰতিটো জাতি-জনগােষ্ঠীৰে একোটা স্বকীয় ভাষা-সংস্কৃতি আছে।

পুজা-পার্বণঃ পুজা-পার্বণত মুখ্য ভূমিকা পালন কৰা ব্রাহ্মণসকলক হিন্দু সমাজত উচ্চ স্থান দিয়া হয়।

বেপাৰ-বাণিজ্য: বেপাৰবাণিজ্যক কেন্দ্ৰ কৰিয়ে নগৰীয়া বসতি গঢ়ি উঠে।

হজ-সৰলঃ সহজ-সৰল লােকে আনৰ সুখত আনন্দ অনুভৱ কৰে।

দিয়া-লােৱাঃ দিয়া-লােৱা বা এৰা-ধৰাৰ মাধ্যমেৰে অসমীয়া বিবাহ কার্য সম্পন্ন হয়।

এৰাধৰাঃ অসমত বাস কৰা সকলাে জনগােষ্ঠীৰ এৰাধৰাৰ মাজেৰে বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

(ক) অতীতত অসমৰ আন এটা নাম কি আছিল?

উঃ অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

(খ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মান ৰজা আৰু ব্রিটিছৰ মাজত হৈছিল।

(গ) পূর্ব পাকিস্তান বর্তমান কি নামেৰে জনাজাত?
উঃ পূর্ব পাকিস্তান বর্তমান বাংলাদেশ নামেৰে জনাজাত।

(ঘ) পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই কেনে স্থান লাভ কৰিছিল ?
উঃ পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই বিশেষ স্থান লাভ কৰিছিল।

(ঙ) অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা কি কি?
উঃ অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা হৈছে হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ

(চ) অসমলৈ অহা প্রথম বহিৰাগত কোন?
উঃ অসমলৈ অহা প্রথম বহিৰাগত হৈছেমংগােলীয়সকল।।

(ছ) মুছলমানসকল অসমলৈ কেতিয়া আহে?
উঃ মুছলমানসকল কুৰি শতিকাৰ চতুর্থ দশকত অসমলৈ আহিছিল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

চমু প্রশ্নোত্তৰ

(ক) মংগােলীয় গােষ্ঠীৰ লােকসকল কৰ পৰা অসমলৈ আহিছিল?

উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল ছকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

View More Class 10 Assamese Lesson

Audio Class of Class 10 Assamese Lesson 8

প্ৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি?

উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।

প্ৰঃ মংগােলীয় গােষ্ঠীৰ লােকসকল কৰ পৰা অসমলৈ আহিছিল?

উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল ছকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

প্ৰঃ প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ Class 10 Assamese Question Answer

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামনিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)পাঠ ৯
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

দশম শ্ৰেণী – অসমীয়া সাহিত্য

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ
ড০ কুলেন্দু পাঠক

অর্থ লিখাঃ
পৰিপন্থী→বিৰােধী, প্রতিকূল। গজগজীয়া→ডাঙৰ-দীঘল; স্থায়ী। খ্যাতনামা→বিখ্যাত। গছত গৰু উঠা→অসম্ভৱ; অবাস্তৱ। দুৰূহ →বুজিবলৈ টান। বুনিয়াদ→ভেটি। বিশ্বজনীন→যি স্থান-কাল-ভেদে শুদ্ধ বা সভ্য।

প্রঃ ১। তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়াঃ
(ক) কোনখন গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্ব্যত্মহলে গম পাইছিল?
উঃ প্রিচিপিয়া গ্রন্থ প্রকাশৰ পিছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্ব্যত্মহলে গম পাইছিল।

(খ) ড° কুলেন্দুপাঠকৰ জন্মস্থান কত?
উঃ ড° কুলেন্দু পাঠকৰ জন্মস্থান নগৰবেৰাত।

(গ) ড° কুলেন্দু পাঠকে নেখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল?
উঃ ড° কুলেন্দু পাঠকে ইংলেণ্ডৰ বার্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল।

(ঘ) ভুকেন্দ্রিক বিশ্বধাৰণাৰ প্ৰধান প্রবক্তা কোন?
উঃ ভূকেন্দ্রিক বিশ্বধাৰণাৰ প্রধান প্রবক্তা হ’ল ইজিপ্তৰ জ্যোতির্বিজ্ঞানী টলেমী।

প্র : গেলিলিওৱে আকাশ অধ্যয়নৰ কথাবােৰ কোন গ্রন্থত প্ৰকাশ কৰিছিল ?
উঃ গেলিলিওৱে আকাশ অধ্যয়নৰ কথাবোেৰ ‘The Starry Messenger’ নামৰ গ্ৰন্থত প্ৰকাশ কৰিছিল।

প্র : লণ্ডনৰ ৰয়েল ছ’চাইটি কেতিয়া স্থাপন হৈছিল? এই ছ’চাইটিৰ সৈতে নিউটন কেনেদৰে জড়তি হৈছিল বুজাই লিখা।

উঃ ১৬৬২ চনত লণ্ডনৰ ৰয়েল ছ’চাইটিৰ স্থাপন হৈছিল। এই চনতে বিজ্ঞানৰ এই সংগঠনটোৱে ৰাজকীয় চনদ লাভ কৰি ৰয়েল ছ’চাইটি অৱ লণ্ডন নামেৰে পৰিচিত হয়। সেই সময়ত বিজ্ঞানৰ তথ্য তত্ত্ব আৰু অগ্রগতি সম্পর্কে আলােচনা কৰিবলৈ পৃথিৱীৰ ভিন ভিন দেশত একাডেমী, সমিতি আদি স্থাপন কৰা হৈছিল। সেইবােৰৰ ভিতৰত লণ্ডনৰ ৰয়েল ছ’চাইটি অন্যতম। আধুনিক বিজ্ঞান বিপ্লৱৰ শ্ৰীবৃদ্ধিত ৰয়েল ছ’চাইটিৰ যথেষ্ট অৱদান আছে। এই ক্ষেত্ৰত নিউটনৰ ভূমিকাও গুৰুত্বপূর্ণ। প্রথমে ১৬৮৭ চনত ৰয়েল ছ’চাইটিৰ প্রকাশনৰ জৰিয়তে নিউটনে বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পুথি ‘প্রিচিপিয়া’ প্রকাশ কৰিছিল। পৰৱৰ্তী সময়ছােৱাত ১৭০৫ চনৰপৰা মৃত্যু পর্যন্ত নিউটনে ৰয়েল ছ’চাইটিৰ সভাপতি হিচাপে ছ’চাইটিৰ কাম-কাজৰ তদাৰক কৰিছিল।

প্রঃ নিউটনৰ ‘প্রিন্সিপিয়া’ গ্রন্থই বৌদ্ধিক মহলত কেনেদৰে খলকনি তুলিছিল চমুকৈ আলােচনা কৰা।
নাইবা
‘প্রিন্সিপিয়া’ গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা। 
উ : বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূর্ণ নিউটনৰ দ্বাৰা ৰচিত প্রিচিপিয়া’ গ্রন্থখনি ১৬৮৭ চনত ৰয়েল ছ’চাইটিয়ে প্রকাশ কৰি উলিয়ায়। নিউটনৰ গ্ৰন্থই সেই সময়ত বৌদ্ধিক মহলত যথেষ্ট খলকনি তুলিছিল যদিও সোতৰ শতিকাৰ শেষৰ ফালেহে গ্ৰন্থখনিক বিদ্বান সমাজে আদৰি লয়। প্রিচিপিয়া গ্ৰন্থত নিউটনে মহাকৰ্ষণৰ বিশ্বজনীন। সুত্ৰ আৰু গতি বিজ্ঞানৰ তিনিটা সূত্ৰৰ সহায়ত গ্রহ-গতি সম্পর্কে সৱল গাণিতিক ব্যাখ্যা আগবঢ়াইছিল। বৈজ্ঞানিক কর্মৰ ফলত নিউটনৰ সােতৰ শতিকাৰ শেষৰফালে বিদ্বান মহলে। বুজি পাইছিল যে বিশ্বখন জটিল হ’লেও কিছুমান অতি সৰল নিয়মৰ দ্বাৰাও পৰিচালিত হয়। কপাৰনিকাছ কেপলাৰ আৰু গেলিলিওৱে গ্রহগতি সম্পর্কে নতুন ধাৰণা আৰু পৰীক্ষা ভিত্তিক তথ্য আৱিষ্কাৰ কৰিছিল সঁচা কিন্তু নিউটনে পৃথিৱীৰ গ্রহ ধমকেতু আদিক নিজৰ গতি পথত ধৰি ৰখা বল আৰু নিয়ম গণনা কৰি উলিয়ায়। প্রিচিপিয়া’ৰ প্ৰকাশৰ মাজেদি গেলিলিও আৰু গিলবার্টে আৰম্ভ কৰা বিজ্ঞান চর্চাৰ নতুন কামৰ পূর্ণতা লাভ কৰে। জীৱনৰ শেষছােৱাত নিউটনে পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত হৈছিল। প্রিচিপিয়া গ্রন্থ ৰচনা কৰি নিউটনে আধুনিক বিজ্ঞান চর্চাক এক নতুন গতিশীলতা প্রদান কৰিছিল। ইউক্লিডৰ এলিমেন্ট অৱ জ্যামিতিৰ দৰে নিউটনৰ প্ৰিচিপিয়াও মানুহৰ বৌদ্ধিক সাধনাৰ অগ্ৰগতিৰ মাইলৰ খুটি ৰূপে পৰিচিত।

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

প্রঃ  শিক্ষা লাভৰ কালছােৱাত নিউটন কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বুজাই লিখা।

উ: নিউটনে নিজৰ প্ৰতিভাৰ ফলত কেমব্রিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক হয় যদিও তেওঁৰ দেউতাক নিৰক্ষৰ আছিল। নিউটনৰ শিক্ষা জীৱন বৰ কষ্ট আছিল। এটা সাধাৰণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। নিউটনৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয়। নিউটনৰ বয়স তিনি বছৰ নৌহওঁতেই মাক দ্বিতীয় বিবাহত আৱদ্ধ হয়। নিউটনৰ মােমায়েকৰ বংশ শিক্ষিত আছিল। মাকৰ ফালৰ ককাক- আইতাকৰ লগত এক অকলশৰীয়া শিশু হিচাপে নিউটন। ডাঙৰ হয়। শিক্ষিত ককাকে নিউটনক শিক্ষিত কৰিবলৈ যত্ন কৰিছিল। সােতৰ বছৰ বয়সত মাকে তেওঁক স্কুলৰ পৰা আঁতৰাই খেতি-বাতিৰ কাম শিকাবলৈ চেষ্টা কৰিছিল  যদিও “নিউটনৰ মন বহা নাছিল। নিউটনৰ প্রতিভা দেখি অৱশ্যে মােমায়েক আৰু শিক্ষক এগৰাকীয়ে মাকক বুজাই নিউটনৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰে। তেওঁক বিশ্ববিদ্যালয়ত পটুওৱাৰ ইচ্ছা হয়তাে মাকৰ নাছিল, কাৰণ বিশ্ববিদ্যালয়ত তেওঁৰ পঢ়াৰ সম্পূর্ণ খৰচ মাকে দিয়া নাছিল। সেই সময়ত বিশ্ববিদ্যালয়লৈ ধনী, ভদ্রলােকৰ ল’ৰাহে পঢ়িবলৈ আহিছিল। আৰু তেনে ছাত্ৰৰ লগত এজন ভৃত্যও আছিল। নিউটনে পঢ়াৰ খৰচ উলিয়াবলৈ এনে ভৃত্যৰ কামাে কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে কিতাপকে তেওঁৰ বন্ধু কৰি লৈছিল। সেই সময়ত কেমব্রিজ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক। পৰিৱেশ বৰ উৎসাহজনক নাছিল। ১৬৬৪ চনৰ পৰাই তেওঁ গণিত আৰু বিজ্ঞানৰ পুথি পঢ়িবলৈ লয়। ১৬৬৫ চনত প্লেগ মহামাৰীৰ বাবে বিশ্ববিদ্যালয় বন্ধ দিয়াত নিউটন গাঁৱৰ ঘৰলৈকে ঘূৰি আহে। ১৬৬৭ চনৰ এপ্রিল মাহত তেওঁ কেমব্রিজলৈ ঘূৰি আহে। গাঁৱত থকা কালছােৱাকে নিউটনৰ জীৱনৰ আশ্চর্য সময়’ বুলি ক’ব পাৰি। এই সময়তে তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে আৰু মহাকর্ষণ বলৰ বিষয়েও গভীৰভাৱে চিন্তা-চৰ্চা কৰিছিল।

প্রঃ সােতৰ শতিকাৰ তিনিটা উল্লেখযােগ্য বৈজ্ঞানিক মাইলৰ খুটি’ৰ কথা উল্লেখ কৰা।
উ : সােতৰ শতিকাৰ তিনিটা উল্লেখযােগ্য বৈজ্ঞানিক মাইলৰ খুটি’ৰ কথা তলত উল্লেখ কৰা হ’ল—
(১) ১৬০০ খ্রীষ্টাব্দত প্রকাশিত বিলিয়াম গিলবার্ট Demagncte গ্রন্থই চুম্বক বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞান চর্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱর্তন কৰে। গিলবার্ট প্রতিভাসম্পন্ন গৱেষক হােৱাৰ উপৰি চিকিৎসক আছিল।
(২) ১৬২৮ চনত প্রকাশিত বিলিয়াম হার্ভেৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞানৰ বাটকটীয়া পুথি।
(৩) ১৬২০ চনত ইংৰাজ দার্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ। ফ্রান্সিছ বেকাৰ Novum organin গ্রন্থ প্রকাশিত হয়। এই প্রস্থত বেকনে আৰােহণ, পৰীক্ষা নিৰীক্ষা আৰু বৈজ্ঞানিক সহযােগিতাৰ গুৰুত্বৰ বিষয়ে আলােচনা কৰিছে। ৰয়েল ছ’চাইটি, লণ্ডন আৰু আন বহুতাে বিজ্ঞান ভিত্তিক একাডেমী, সমিতি আদি স্থাপনৰ ক্ষেত্ৰত প্ৰৱন্ধবােৰে। বিশেষ উগণি দিছিল।

প্রঃ  গেলিলিও কোন দেশৰ লােক আছিল? গেলিলিওৱে কেতিয়া দূৰৰীণ যন্ত্র সাজি উলিয়াইছিল ?
উঃ গেলিলিও ইটালী দেশৰ লােক আছিল। গেলিলিওৱে ১৬০৯ চনত দূৰবীণ যন্ত্র সাজি উলিয়াইছিল।

প্রঃ  আধুনিক বিজ্ঞান ইউৰােপীয় জ্ঞান সাধনাৰ এক স্বতন্ত্র ধাৰা হিচাপে কেতিয়া আৰু কেনেকৈ সমাদৃত হয়।
উঃ বিজ্ঞান পৰীক্ষাভিত্তিক নহ’লে অর্থহীন আৰু ত্রুটিপূর্ণ হয়। পৰীক্ষাই হ’ল সকলে নিশ্চয়তাৰ মাতৃ আৰু সুনির্দিষ্ট পৰীক্ষাই হ’ল বিজ্ঞানৰ সঠিক মাপকাঠি। এনে ধাৰণা ইউৰােপৰ একাংশ বুদ্ধিজীৱী আৰু গৱেষকৰ চিন্তা-চৰ্চাত ক্রমান্বয়ে সুদৃঢ় হৈ আহে আৰু সােত শতিকাৰ শেষভাগত আধুনিক বিজ্ঞান ইউৰােপীয় জ্ঞান সাধনাৰ এক সন্মানীয় আৰু স্বতন্ত্র ধাৰা হিচাপে সমাদৃত হয়।

প্রঃ  আকাশ অধ্যানৰ সম্বন্ধে গেলিলিওৱে ৰচনা কৰা গ্রন্থখনিৰ নাম কি আছিল? এই গ্রন্থখন কেতিয়া প্রকাশ হৈছিল?
উঃ The Starry Messenger. ১৬১০ খ্রীঃত এই গ্রন্থখন প্রকাশ হৈছিল।

প্রঃ  কেপলাৰৰ গণনাৰ ভিত্তি কি আছিল?
উঃ ডেনমার্ক বিখ্যাত জ্যোতির্বিজ্ঞানী টাইক’ ৱাহৰ পর্যবেক্ষণলব্ধ নতুন তথ্য।

প্রঃ  ভূকেন্দ্রিক বিশধাৰণাৰ প্রধান প্রবক্তা কোন
উঃ ভূকেন্দ্রিক বিশধাৰণাৰ প্রধান প্রবক্তা হ’ল— টলেমী।

প্রঃ  টলেমী কোন দেশৰ লােক আছিল? তেওঁৰ দ্বাৰা ৰচিত বিশ্বকোষ সদৃশ পুথিখনৰ নাম কি আছিল?
উঃ টলেমী ইজিপ্তৰ লােক আছিল। তেওঁৰ দ্বাৰা ৰচিত বিশ্বকোষ সদৃশ পুথিখনৰ নাম হল-এলমেজেষ্ট।

প্রঃ  আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়।
উঃ আধুনিক পৰমাণু বিজ্ঞানৰ পিতৃৰূপ বুলি ৰাডাৰ ফৰ্ডক কোৱা হয়।

প্রঃ ফ্রান্সি বেকন কোন আছিল? তেওঁৰ দ্বাৰা বিৰচিত গ্রন্থখনিৰ নাম কি আছিল আৰু এইখন কেতিয়া প্রকাশ পাইছিল?
উঃ ফ্রান্সিছ বেকন ইংৰাজ দার্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ আছিল। তেওঁৰ দ্বাৰা বিৰচিত গ্রন্থখনিৰ নাম Novum Organum, এইখন গ্রন্থ ১৬২০ চনত প্ৰকাশ হৈছিল।

প্রঃ  ঘাটাংক গণিত বা লগাৰিথম কোনে উদ্ভাৱন কৰিছিল?
উঃ স্কটলেণ্ডৰ জন নেপিয়াৰে উদ্ভাৱন কৰিছিল।

প্রঃ  De Magnete গ্ৰন্থৰ ৰচক কোন আৰু গ্রন্থখনি কিমান চনত প্রকাশিত হৈছিল ?
উ : De Magnete গ্রন্থৰ ৰচক বিলিয়াম গিলবার্ট। এই গ্রন্থখন ১৬০০ খ্রীষ্টাব্দত প্ৰকাশ হৈছিল।

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ চমুটোকা লিখা

(ক) ক’পার্নিকাছ (খ) গেলিলি’ গেলিলি (গ) কেপলাৰ : আপেক্ষিকতাবাদ। (ঘ) আপেক্ষিকতাবাদ
(ক) ক’পার্নিকাছঃক’পার্নিকাছ পােলেণ্ডৰ এগৰাকী জ্যোতির্বিদ আছিল। তেওঁ ১৪৭৩ খ্রীঃত জন্মগ্রহণ কৰিছিল। তেওঁ সৌৰকেন্দ্রিক গ্রহ-গতিৰ ধাৰণা আগবঢ়াই সূর্য সৌৰজগতৰ কেন্দ্ৰ আৰু খালী চকুৰে দেখা গ্রহবােৰ সূৰ্যৰ চাৰিওফালে বৃত্তীয় পথেৰে ঘূৰা তথা চন্দ্ৰই পৃথিৱীক পৰিভ্ৰমণ কৰাৰ কথা প্ৰকাশ কৰিছিল। তেওঁৰ আগলৈ জোন, বেলি, তৰা পৃথিৱীৰ চৌপাশে ঘূৰে বুলি আগবঢ়োৱা টলেমীৰ ভূকেন্দ্রিক ধাৰণাত বিশ্বাস কৰা হৈছিল।‘on the Revolutions of the Celestial spheres’ হৈছেক’পাৰনিকাছৰ বিখ্যাত গ্রন্থ। ১৫৪৩ খ্রীঃত ক’পার্নিকাছৰ মৃত্যু হৈছিল।

(খ) গেলিলি’ গেলিলিঃ গেলিলিঅ’ এগৰাকীইটালীৰ বিজ্ঞানীতথা জ্যোতির্বিদ আছিল। ১৫৬৪ চনত জন্মগ্রহণ কৰা গেলিলিঅই আকাশ অধ্যয়ন কৰি বৃহস্পতিৰ চাৰিটা উপগ্রহ আৰু চন্দ্ৰৰ পর্বতমালা সম্বন্ধে বিশ্ববাসীক অৱগত কৰিছিল তেওঁৰ “দ্য ষ্ট’ৰী মেছেঞ্জাৰ” গ্রন্থখনৰ মাধ্যমেৰে। তেওঁক’পার্নিকাছে। আগবঢ়োৱা মতবাদক সমর্থন কৰিছিল। ইয়াৰ বাবে তেওঁ ৰােমান কেথলিক গীর্জাৰ ৰােষত পৰিবলগীয়া হৈছিল। তেওঁ টলেমীআৰুক’পাৰ্কিাছৰ ধাৰণাক লৈ বহুত চিন্তাৰপিছত তিনিগৰাকী ব্যক্তিৰ কথােপকথন হিচাপে “Dialogue Concerning Two Chief World System: Ptolemiac and Copernican” নামৰ গ্ৰন্থ ৰচনা কৰিছিল যিখন পাছলৈ বিজ্ঞান তথা ইউৰােপীয় ইতিহাসৰ অমূল্য দলিল হিচাপে পৰিগণিত হয়। গেলিলিঅ’ৰ ১৬৪২ চনত মৃত্যু হৈছিল।

(গ) কেপলাৰ : জ’হান কেপলাৰ এগৰাকী জার্মান জ্যোতির্বিদ আছিল। তেওঁৰ ১৫৭১ খ্রীঃত জন্ম আৰু ১৬৩০ খ্রীঃত মৃত্যু হৈছিল। তেওঁ “গ্রহবােৰৰ কক্ষপথ বৃত্তকাৰ নহয় তথা কক্ষপথেৰে গ্ৰহবােৰে সূৰ্যক প্রদক্ষিণ কৰোঁতে গ্রহবােৰৰ বেগ সলনি হৈ থাকে”— ধাৰণাটো প্ৰকাশ কৰিছিল। তেওঁৰৰচিত এখন বিখ্যাত গ্রন্থ হ’ল “এস্ট্রোনমিয়া নােভা” (নিউ এস্ট্রোন মী)।

(ঘ) আপেক্ষিকতাবাদ:  এলবার্ট আইনষ্টাইনে আপেক্ষিকতাবাদ মতবাদ আগবঢ়াইছিল। এই মতবাদে পদার্থ বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্রহণ কৰি আহিছে। এই মতবাদ দুটা সিদ্ধান্তৰ ওপৰত প্রতিষ্ঠিত। প্রথম কোনাে বন্ধুৰ গতি অন্য নিৰপেক্ষ হােৱা সম্ভৱ নহয়। আনহাতে দ্বিতীয়টো সিদ্ধান্ত হ’ল, স্থান আৰু কাল পৰস্পৰ আপেক্ষিক, অর্থাৎ সম্বন্ধযুক্ত। ইয়াৰে এটাক বাদ দি আনটোৰ
কোনাে অস্তিত্ব নাই। এই মতবাদৰ বিস্তৃত যুক্তিত জ্যোতির্বিজ্ঞানৰ বিভিন্ন অভিনৱ উদঘাটন হৈছে। এই মাদ সকলাে ক্ষেত্ৰতে নির্ভুল বুলি প্রমাণিত হৈ আহিছে।

ইন্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Question Answer

ইন্টাৰনেটৰ তিতা মিঠা
বিষয় অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামইন্টাৰনেটৰ তিতা মিঠা
শ্ৰেণী দশম শ্ৰেণী
অধ্যায় অধ্যায় 9
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

ইন্টাৰনেটৰ তিতা মিঠা Class 10

১)WWW ৰ সম্পূৰ্ণ ৰূপটো কি ?
ক) ৱেব পেজ (web page)
খ) ৱৰ্ল্ড ৱাইড ৱেব (world wide web)
গ) ৱেবচাইট (website)
ঘ) হ’ম পেজ (Home Page)
উত্তৰ: খ) ৱৰ্ল্ড ৱাইড ৱেব (world wide web)

২)কুঁৱলীয়ে প্ৰথমটো ই-মেইল কালৈ পঠিয়াইছিল ?
ক) পললৈ
খ) শ্বেৰণলৈ
গ) নিয়ৰলৈ
ঘ) শ্বাবানা বাইদেউলৈ
উত্তৰ: খ) শ্বেৰণলৈ

৩) কুঁৱলীৰ কম্পিউটাৰটো কি উপায়ে ভাইৰাছমুক্ত কৰা হ’ল?
ক) এন্টিভাইৰাচ চফটৱেৰ অন্তৰ্ভুক্ত কৰি
খ) ইন্টাৰনেট সংযোগ কৰি
গ) বন্ধু-বান্ধৱীলৈ ই-মেইল পঠিয়াই
ঘ) ভিডিঅ’ কলিং কৰি
উত্তৰ: ক) এন্টিভাইৰাচ চফটৱেৰ অন্তৰ্ভুক্ত কৰি

৪)তলৰ কোনটো কথা ইন্টাৰনেটৰ কু-প্ৰভাৱৰ ফলত হয় ?
ক) বিভিন্ন বিষয়ৰ বিভিন্ন তথ্য নিমিষতে আহৰণ কৰা
খ) ই-মেইলৰ যোগেদি বিভিন্ন তথ্য আৰু ঘটনাৰ চাক্ষুস বৰ্ণনা লাভ কৰা
গ) ৱাটছ এপ, ফেচবুক ইত্যাদিৰ যোগেদি ভিত্তিহীন উৰা-বাতৰি প্ৰচাৰ কৰা
ঘ) ঘৰতে থাকি যান-বাহনৰ টিকট কাটা
উত্তৰ: গ) ৱাটছ এপ, ফেচবুক ইত্যাদিৰ যোগেদি ভিত্তিহীন উৰা-বাতৰি প্ৰচাৰ কৰা

৫)‘ কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থাটোক ________ বোলে ‘ ।
তলৰ শব্দবোৰৰ মাজৰ পৰা শুদ্ধ শব্দটো প্ৰয়োগ কৰি ওপৰৰ বাক্যটো সম্পূৰ্ণ কৰা ।
ক) কম্পিউটাৰ
খ) ৱেবচাইট
গ) ব্ৰাউজাৰ
ঘ) ইন্টাৰনেট
উত্তৰ: ঘ) ইন্টাৰনেট

ইন্টাৰনেটৰ তিতা মিঠা class 10

প্রঃ ১। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামৰ গল্পটিৰ লেখিকা গৰাকীৰ নাম কি?
উ : ইণ্টাৰনেটৰ তিতা-মিঠা’ নামৰ গল্পটিৰ লেখিকা গৰাকীৰ নাম হৈছে ডº প্রণয়ী দত্ত। তেখেত গুৱাহাটী। বিশ্ববিদ্যালয়ৰ ইলেকট্রনিক এণ্ড কমিনিকেশ্বন টেকনলজী বিভাগৰ মুৰব্বী অধ্যাপিকা।

প্রঃ ২। দেউতাকে কুৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উঃ কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেই আশালৈ দেউতাকে তাইক ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ উপহাৰ দিছিল।

প্রঃ ৩। ইন্টাৰনেট কি?
উঃ ইণ্টাৰনেট বা নেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা।

প্রঃ ৪। ইণ্টাৰনেট বুলিলে কি বুজা? চমুকৈ লিখা।
উঃ ‘Inter-connection of Networks’ Internet শব্দৰ সৃষ্টি হৈছে। ই কম্পিউটাৰ নেটৱৰ্কৰে এটা নেটৱৰ্ক। এখন নেট ব’ৰ্ডত যদিহে হাজাৰ হাজাৰ কম্পিউটাৰ। থাকে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।

প্রঃ ৫। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উঃ মস্কোত থকা কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ তাই প্রথম ই-মেইলটো কৰিছিল।

প্রঃ ৬। পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল?
উঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাবলৈ সিদ্ধান্ত লৈছিল।

প্রঃ ৭। নিয়ৰ কোন?
উ : নিয়ৰ কুঁৱলীৰ ভায়েক।

প্রঃ ৮। ভাইৰাছ কি?
উঃ কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰ বিকল কৰা প্ৰগ্ৰেমটোৱেই হৈছে ভাইৰাছ।

প্রঃ ১। Virusৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize.

প্রঃ ১০ | WWW বা ৱেব কি?
উঃ পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্য পাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব।

প্রঃ ১১।ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হােৱা কেইটামান শব্দ উল্লেখ কৰা।
উঃ ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হােৱা কেইটামান শব্দ হৈছে—ৱেবপেজ, ৱেবচাইট, হোমপেজ, ব্রাউজাৰ আদি।।

প্রঃ ১২। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উঃ ই-মেইলৰ জৰিয়তে কুঁৱলীয়ে বিদেশত থকা বন্ধুবৰ্গৰ পৰা ঘৰতে বহি তেলােকৰ দেশৰ বিভিন্ন দৃশ্য উপভােগ কৰিলে। ই-মেইলে কুঁৱলীক ভিডিঅ’ কলিং উপভোেগত অনুপ্ৰেৰণা যােগালে। ইয়াৰ বাহিৰেও তাই ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ দ্বাৰা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জ্ঞান লােৱাৰ কৌশল আহৰণ কৰিলে।

ইন্টাৰনেটৰ তিতা মিঠা Class 10

প্রঃ ১৩। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উঃ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্রগ্রেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্রগ্রেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সােমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূর্ণকৈ নষ্ট কৰি পেলায় ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পাৰে।

প্রঃ ১৪। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’—কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত লিখা।
উঃ ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে বুলি কোৱা কথাষাৰৰ বক্তা হৈছে কুঁৱলীৰ শ্বাবানা নামৰ এগৰাকী বাইদেউ।

প্রত্যেক বস্তুৰ ভাল আৰু বেয়া এই দুয়ােটা দিশ থকাৰ দৰে ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা দুটা দিশ আছে। তলত সেইবােৰ পাঠৰ আলমত চমুকৈ উল্লেখ কৰা

সুবিধাঃ ইণ্টাৰনেট পৃথিৱীৰ মানৱ সভ্যতাৰ দ্রুত উন্নতিৰ এক উল্লেখযােগ্য মাধ্যম। ইণ্টাৰনেটৰ যােগেদি এজনে ঘৰতে বহি দেশ-বিদেশত থকা বন্ধু বান্ধবৰ লগত ভাৱৰ বিনিময় কৰাৰ সমানে দৃশ্যও উপভােগ কৰিব পাৰে। গীতমাত, সাহিত্য, বিজ্ঞান, ন-পুৰণি সকলােবােৰ তথ্য নিমিষতে ইন্টানেটৰ বিভিন্ন ৱেবচাইট সমুহৰ জৰিয়তে পাব পাৰি। ইয়াৰ যােগেদি বিশ্বব্রহ্মগুৰ পুঞ্জীভূত হৈ থকা সকলাে তথ্য আৰু খবৰ সহজে পাব পাৰি। আধুনিক বিশ্বত ইণ্টাৰনেটে বস্তুৰ ক্রয়-বিক্রয় মাধ্যম ৰূপেও কাম কৰে। ইণ্টাৰনেটে সুগম কৰা নানা ছ’চিয়েল মিডিয়া উদাহৰণস্বৰূপে ফেচবুক, ৱাটছএপ ইনস্টাগ্রাম আদিৰ দ্বাৰা মানুহৰ বন্ধু-বান্ধৱৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পাইছে। পৃথিৱীৰ কোনাে ঠাইত ঘটা কোনাে এটা ঘটনা বা তাৰ প্রতিক্রিয়া নিমিষতে বন্ধু বান্ধৱৰ পৰা পাব পাৰি। সেইদৰে নিজৰ বন্ধু বান্ধবলৈ খবৰ বাতৰি পঠিয়াব পাৰি। বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰৰ সবিশেষ তথ্য ক্ষন্তেকৰ ভিতৰতে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে সহজে গ্রহণ কৰি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে।

অসুবিধাঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে মানুহৰ মন-মগজুৰ ওপৰত প্ৰভাৱ পেলাই মানুহক অকামিলা কৰি তােলে। বিশেষকৈ ছাত্র-ছাত্ৰীয়ে ইণ্টাৰনেট তথা ছ’চিয়েল মিডিয়াৰ ৰঙীন জগতত নিজকে এনেদৰে ব্যস্ত কৰি পেলাই যে তেওঁলােকে নিজৰ কৰ্তব্যকেই পাহৰি যায়। পঢ়া-শুনাৰ প্রতি আগ্রহ কমি যায় আৰু ডাঙৰৰ উপদেশকে আওকান কৰিবলৈ লয়। চৌপাশৰ পৰিৱেশলৈ তেওঁলােকে কোনাে ক্ষেপ নকৰা হয়। তেওঁলােকৰ বাহিৰা কিতাপ, আলােচনী, বাতৰি কাকতৰ লগত সম্বন্ধ নােহােৱা হয়। সামাজিক অনুষ্ঠান, উৎসৱ, বিয়া আদি অনুষ্ঠানবােৰেও তেওঁলােকক আমনিহে কৰে। ছ’চিয়েল মিডিয়াত প্রচাৰিত কিছুমান উৰা বাতৰি সমাজত ক্ষতিৰ কাৰণ হয় । অজানিতে এনেবোৰ খবৰৰ প্রচাৰৰ ভূমিকা লৈ কেতিয়াবা কেতিয়াবা নিজকে আৰু বন্ধু- বান্ধবকে বিপদত পেলায়।

ইন্টাৰনেটৰ তিতা মিঠা Class 10

প্রঃ ১৫। ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামাকৰণৰ সার্থকতা বিচাৰ কৰা।
উঃ ডº প্রণয়ী দত্তৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটোৰ নামাকৰণ সঠিকভাৱেই হৈছে বুলি ক’ব পাৰি। গল্পকাৰে গল্পটিত এগৰাকী স্কুলীয়া ছাত্রী কুঁৱলীৰ চৰিত্ৰটিৰ মাজেদি প্রথমে ইণ্টাৰনেটৰ সংজ্ঞাসহ ইয়াৰ লগত জড়িত বিষয়সমূহ অতি সহজে বুজাবলৈ যত্ন কৰিছে। পৃথিৱীৰ সমস্ত  জ্ঞানৰ ভাণ্ডাৰৰূপে আধুনিক জগতত পৰিচিত ইণ্টাৰনেটৰ প্রয়ােজনীয়তা মানৱ সভ্যতাৰ উন্নয়নৰ এক উল্লেখযােগ্য মাধ্যম। বর্তমান পৃথিৱীত মানৱ জীৱনৰ অবিচ্ছেদ্য অংগহৈ পৰা ইণ্টাৰনেটৰ কেৱল ভাল দিশসমুহ মানুহক দেখুওৱাতে আবদ্ধ নাৰাখি গল্পকাৰে ইয়াৰ বেয়া দিশবােৰৰ সুন্দৰকৈ উপস্থাপন। কৰিছে। কুঁৱলীক সুদূৰ মস্কোত থকা তাইৰ বান্ধবী শ্বেৰণ আৰু শ্বেৰণৰ বন্ধু-বান্ধবীৰ লগত চিনাকি হৈ ভাৱৰ আদান প্রদান সুযােগ দিয়ে ইন্টাৰনেটে। এই ইণ্টাৰনেটেই কুঁৱলীক ভিডিঅ’ কলিংৰ সােৱাদ দিয়ে। ঘৰতে বহি কুৱলীয়ে দেশ-বিদেশৰ বিভিন্ন দৃশ্য উপভােগ কৰে। মুঠৰ ওপৰত জ্ঞান-বিজ্ঞান, গীত-মাত, ন-পুৰণি বােলছবি, খেলা-ধূলা আদিৰ উৰ্বৰ ভূমিত কুঁৱলীয়ে ঘৰতে বহি ঘূৰিবলৈ সক্ষম হয়। কুঁৱলীয়ে দেউতাকৰ বাবে দক্ষিণ ভাৰতৰফালে ফুৰিবলৈ যােৱাৰ টিকেট আদি সংগ্ৰহৰ অসুবিধাসমূহ তাই ঘৰতে বহি ই-মেইলৰ জৰিয়তে সহজেই কৰি পেলাইছিল। ইমানবােৰ ইতিবাচক দিশ থকা। ইন্টাৰনেটৰ নেতিবাচক দিশসমূহক সুন্দৰভাৱে উপস্থাপন কৰি মানৱ সমাজৰ বিশৃংখলতাৰ কাৰক হিচাপে গল্পকাৰে ইণ্টাৰনেটক চিহ্নিত কৰিছে। প্রত্যেক বস্তুৰ ভাল আৰু বেয়া। দিশ থকাৰ দৰে ইণ্টাৰনেটো এই দোষৰ পৰা মুক্ত নহয় বুলি লিখকে অকপটে স্বীকাৰ কৰিছে। অৱশ্যে সকলাে নিৰ্ভৰ কৰে। ব্যৱহাৰকাৰীৰ ওপৰত গল্পকাৰৰ মতে ইন্টাৰনেটৰ অনিয়ন্ত্রিত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মন মগজুৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ কুঁৱলীৰ এগৰাকী বান্ধবীৰ ভায়েক এজন মেধাবী ছাত্র পলে ইণ্টাৰনেটৰ গেম খেলি ছমহীয়া পৰীক্ষাত কেইবাটাও বিষত বেয়া কৰিলে তাক দেখুৱাই ইণ্টাৰনেটক ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ অগ্ৰগতিত বাধা বুলিও গল্পকাৰে সুন্দৰভাৱে প্রকাশ কৰিছে। ইয়াৰ বাহিৰেও ইণ্টাৰনেট তথা ছ’চিয়েল মিডিয়াই ছাত্ৰ-ছাত্ৰীক আপােনজনৰ পৰা আঁতৰাই অকলশৰীয়া জীৱনৰ প্রতি আকৃষ্ট কৰে। বয়ােজ্যষ্ঠজনৰ প্রতি সামান্য সৌজন্যবােধ দেখুৱাবলৈ অনিহা, ৰাস্তাই-ঘাটে অন্য মনস্ক হােৱা আদি সুস্থ সামাজিক পৰম্পৰা ভংগত ইণ্টাৰনেটৰ ভূমিকাক গল্পকাৰে দোষাৰােপ নকৰাকৈ থকা নাই। ছ’চিয়েল মিডিয়াত প্রচাৰিত উৰা বাতৰিয়ে কেতিয়াবা কেতিয়াবা সমাজৰ বিশেষ ক্ষতি কৰাৰ কথাও গল্পটিত উল্লেখ কৰিছে। মুঠৰ ওপৰত লিখিকাই ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটিত ইণ্টাৰনেটৰ ব্যৱহাৰৰ ভাল-বেয়া, সুবিধা- অসুবিধা, ইতিবাচক নেতিবাচক আদি সকলােবােৰ দিশ সমানে চিত্রিত কৰিছে। এই সকলােবােৰ দিশ চালি-জাৰি চালে গল্পটি। নামাকৰণত কোনাে আসোঁৱাহ দেখা নাযায়।

অর্থ লিখা ?
অনাবিল-নির্মল, আভা-পােহৰ, উৰাবাতৰি-গুজব, কদাচিত- কেতিয়াবা, তড়িৎ-বিজুলী, প্রসঙ্গ-উপযুক্ত, ক্ষতি-নষ্ট, পুঞ্জীভূত-গােটখাই থকা।।

প্রঃ WWW বা ৱেব কি?

উঃ পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্য পাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব।

প্রঃ Virusৰ সম্পূৰ্ণ ৰূপ কি?

উঃ Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize.

অৰণ্য যাত্ৰা দশম শ্ৰেণী Class 10 Assamese Question Answer

অৰণ্য যাত্ৰা
বিষয়অসমীয়া
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামঅৰণ্য যাত্ৰা
শ্ৰেণী দশম (X)
অধ্যায় 11
পাঠ্যক্ৰমছেবা (SEBA)

অৰণ্য যাত্ৰা দশম শ্ৰেণী

১) তলৰ কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰিছিল ?
ক) নাহৰৰ নিৰিবিলি ছাঁ
খ) ব’ৰাগী নদীৰ ঘাট
গ) মেৰেং
ঘ) চাহেবপুৰাৰ বৰষুণ
উঃ ঘ) চাহেবপুৰাৰ বৰষুণ

২) পলহঁত কোনখন অভয়াৰণ্যলৈ অৰণ্যযাত্ৰাত গৈছিল ?
ক) কাজিৰঙা
খ) মানাহ
গ) পবিতৰা
ঘ) ওৰাং
উঃ ক) কাজিৰঙা

৩) বন্য জন্তুবোৰে কেতিয়া মানুহক আক্ৰমণ কৰে ?
ক) মানুহে যেতিয়া অৰণ্যলৈ ফুৰিবলৈ যায়
খ) মানুহে যেতিয়া জীৱ-জন্তুক খাবলৈ নিদিয়ে
গ) মানুহে যেতিয়া জীৱ-জন্তুৰ অপকাৰ কৰে
ঘ) মানুহে যেতিয়া জীৱ-জন্তুক ভয় কৰে
উঃ গ) মানুহে যেতিয়া জীৱ-জন্তুৰ অপকাৰ কৰে

৪) পলে কিয় তালিকা অনুসৰি প্ৰয়োজনীয় বয়-বস্তুবোৰ বেগত নিজে ভৰাই লোৱা নাছিল ?
ক) পল পৰনিৰ্ভৰশীল বাবে
খ) পল স্বনিৰ্ভৰশীল বাবে
গ) পল কাজিৰঙালৈ যাব বিচৰা নাছিল বাবে
ঘ) পল ক্ৰিকেট খেলিবলৈ গৈছিল বাবে
উঃ ক) পল পৰনিৰ্ভৰশীল বাবে
৫) বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথমজন ব্যক্তি হ’ল ________ ।
তলৰ শব্দবোৰৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই ওপৰৰ বাক্যটো সম্পূৰ্ণ কৰা ।
ক) মেৰী কাৰ্জন
খ) লৰ্ড কাৰ্জন
গ) নিগনা চিকাৰী
ঘ) মহীচন্দ্ৰ মিৰি
উঃ ঘ) মহীচন্দ্ৰ মিৰি

অৰণ্য যাত্ৰা দশম শ্ৰেণী

প্রঃ ১। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত হৈছিল ?
উঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত হৈছিল।

প্রঃ ২। পল আৰু পাহি কোন শ্রেণীত পঢ়ে?
উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

প্রঃ ৩। পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল?
উঃ খােৱা কাহীবাটি ধােৱা ঘৰৰ আচবাবৰ ধূলি মচা আদি কাম ছােৱালীৰ বুলি পলে পাহিক কৈছিল।

প্রঃ ৪। লর্ড কার্জন কোন?
উঃ লর্ড কার্জন এজন ব্রিটিছ ভাইচৰয় আছিল।

প্রঃ ৫। ল’ৰা-ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল?
উঃ ককায়েক পলে বাচনবর্তন আদি ধােৱা দূৰৰ কথা নিজৰ কাপােৰ জপা বিচনা পৰিপাটিকৈ ৰখা কামবােৰো নকৰা পাহিয়ে। দেখি আহিছে। সেইবােৰ কাম কৰিবলৈ ক’লে সি উত্তৰত কয় যে ল’ৰাৰ সেইবােৰ কাম নহয় ছােৱালীৰহে কাম। কায়েকৰ এনে উত্তৰ শুনি ল’ৰা আৰু ছােৱালীৰ কামৰ পার্থক্য কোনে
কৰিলে বুলি পাহিয়ে মাকক সুধিছিল। পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে কৈছিল যে বয়স অনুযায়ী কাম কৰিবলৈ তেওঁ ল’ৰা ছােৱালী দুটাক সমানে শিকাই আহিছে। নিজৰ কাম নিজে নকৰিলে ভৱিষ্যতে পৰনিৰ্ভৰশীল হব লাগিব। তেতিয়া সময় আৰু মানুহৰ পৰা তেওঁলােকে ঠগ খাব লাগিব।

প্রঃ ৬। অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত কি কি বস্তু নিছিল?
উঃ অৰণ্যযাত্ৰালৈ বুলি পাহিয়ে বেগত নিয়া বস্তুবােৰ আছিল—এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম আদি।

প্রঃ ৭। প্ৰকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?
উঃ পাহি কল্পনাত ভাহি উঠিছিল এখন সেউজ অৰণ্যত। এই অৰণ্যত তেওঁ দেখিছিল প্রতিজোপা গছৰ ভিন্ন ৰং, ৰূপ আৰু ভিন্ন পাতৰ আকাৰ। তামােল গছৰ কাষত থকা আমজোপাৰ চেহেৰাৰ মিল নাই তথাপি ভিন্নতা থকা গছবােৰে ওচৰা ওচৰিকৈ মিলা প্রীতিৰে থাকে। কল গছৰ কাষত থকা নেমুজোপাৰ কাইটে কলজোপাক কেতিয়াও নিবিন্ধে। সহঅৱস্থান কৰা প্ৰকৃতিৰ নিয়মক গছবােৰে সুন্দৰভাৱে মানি চলে। প্ৰকৃতিৰ এইবােৰ নিয়মে পাহিক বাৰুকৈয়ে আকৃষ্ট কৰে।

অৰণ্য যাত্ৰা দশম শ্ৰেণী

প্রঃ ৮। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পাহি আৰু পলক তেওঁলােকৰ লগত যােৱা শিক্ষকৰ লগত থাকি তেওঁলােকৰ নির্দেশ পালন কৰিবলৈ পৰামর্শ দিছিল। সেই সময়তে মাকে অৰণ্যৰ পৰা শিকিবলগীয়া খিনি ভালকৈ শিকিবলৈ আৰু নিজৰ বয়-বস্তুবােৰ ভালদৰে চম্ভালি ৰাখিবলৈ সিহঁত দুটাক পৰামর্শ দিছিল।

প্রঃ ৯। “কামত ল’ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগকৰি দিছাে তেনেকৈ কৰা”– এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এইদৰে কৈছিল লিখা।
উঃ উক্ত কথাষাৰৰ বক্তা হৈছে পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। অৰণ্যযাত্ৰাৰ সময়ত বাছত গৈ থাকোতে শিক্ষকসকলে ছাত্র-ছাত্রীৰ মাজৰ পৰাই নেতা-নেত্রী পাতি দিছিল। বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰা তেওঁলােকৰ অসুবিধাসমূহলৈ মন দিয়াৰ দায়িত্ব দিছিল পাহি আৰু বিদিশাক।। খাদ্যবস্তু আৰু পানীৰ বটল সমবিতৰণৰ দায়িত্ব দিছিল নৱম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে সৌৰভ আৰু আফতাবক। এই কর্মবিভাজন সৌৰভে ভাল পােৱা নাছিল। তেওঁৰ মতে পাহি আৰু বিদিশাক দিয়া কামটো তেওঁলােকক দিব লাগিছিল। কিয়নাে ল’ৰা হিচাপে তেওঁলােকে ল’ৰা-ছােৱালীৰ অসুবিধাসমূহ, তেওঁলােক দুটাই বেছি ভালকৈ কৰিব পাৰিব আৰু প্রয়ােজন হলে কোনােবা ছাত্রই উৎপাত কৰিলে তেওঁলােকক শাসন কৰিবলৈয়াে সক্ষম হব। সেয়েহে সৌৰভে তেওঁলােকক দিয়া কামটো কৰাত আপত্তি কৰিছিল আৰু আফতাবেও তাৰ কথাত হয়ভৰ দিছিল। তেওঁলােকৰ কথাত কামত ল’ৰা-ছােৱালীৰ ভাগ ভাগ কৰা মানসিকতা হােৱাত অংক শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিছিল আৰু যাক যেনেকৈ কাম কৰাৰ দায়িত্ব দিয়া হৈছে। সেইমতে পালন কৰিবলৈ পুনৰ নির্দেশ দিয়াৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল।

প্রঃ ১০। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উঃ কাজিৰঙাত থকা সময়ত এদিন দুপৰীয়া ভাত-পানী খাই ছাত্র-ছাত্রীসকল শুই পৰিল। পল, আফতাব আৰু সৌৰভে শােৱাৰ পৰিৱর্তে মনে মনে বাহিৰলৈ গৈ কাজিৰঙাৰ নতুন জীৱ-জন্তু চোৱাৰ হেঁপাহত পিছফালৰ বাৰান্দাৰে নামি বন্ধ থকা লােহাৰ জপনা পাৰহৈ বননিৰফালে ওলাই গ’ল। এইদৰে ভ্ৰমণৰ নিয়ম ভংগ কৰি কোনেও নজনাকৈ হাবিলৈ গৈ তেওঁলােকে পুখুৰী সদৃশ মেটেকাৰে ভৰা এখন বিল পালে। বিলখনৰ কাষত এখন নাও পালে। নাওখনৰ নাওৰীয়া নােহােৱাৰ সুবিধা লৈ নাওচলােৱা পূর্ব কোনাে অভিজ্ঞতা নথকা স্বত্ত্বেও তেওঁলােক নাওত উঠিল আৰু বঠা মাৰি আগলৈ নি নাওখন মেটেকাতআবদ্ধ কৰিলে। নাওখন যে ফুটা আছিল তেওঁলােকৰ কোনাে খবৰেই নাছিল। ইতিমধ্যে বিলৰ মাজত নাওখনত পানী সােমাবলৈ ধৰিলে। তেওঁলােক তিনিওজনৰ এজনেও সাঁতুৰিব নাজানিছিল। তেওঁলােকৰ মৃত্যু অনিবার্য বুলি ভয়তে তেওঁলােকক বচাবৰ বাবে চিঞৰিছিল। নির্জন অৰণ্যত তেওঁলােকৰ মাত কোনেও শুনা নাছিল। ভাগ্যক্রমে কেইজনীমান মাছমৰীয়া ছােৱালীক দেখাপাই তেওঁলােকে পুনৰ বচাবৰ বাবে চিঞৰিবলৈ ধৰিলে। শেষত সেই ছােৱালীকেইজনীয়ে অশেষ কষ্ট কৰি আসন্ন বিপদৰ পৰা সিহঁত তিনিটাক উদ্ধাৰ কৰে।

অৰণ্য যাত্ৰা class 10

প্রঃ ১১। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল লিখা।

উঃ অৰণ্যযাত্ৰাত বান্ধিদিয়া নিয়ম অৱমাননা কৰি পল’ আফতাব আৰু সৌৰভে ভ্রমণ কালত এদিন দুপৰীয়া মনে মনে অৰণ্যৰ ভিতৰলৈ গৈ ফুটা নাওত উঠি পানীত ডুবিব লগা হৈছিল। কেইজনমান মাছমৰীয়া ছােৱালীয়ে উদ্ধাৰ নকৰা হ’লে তেওঁলােকৰ মৃত্যু হােৱাৰ সম্ভাৱনা আছিল। ছাত্র- ছাত্রীসকলৰ মাজৰ তিনিজন উশৃংখল ছাত্রই নিজৰ জীৱনক বিপদত পেলােৱাৰ লগতে সকলােলৈকে বিপদ মতাৰ লগতে বিদ্যালয়ৰ সুনামত আঘাত কৰা সম্ভাৱনা অধিক। ছাত্র-ছাত্রীক অৰণ্য দর্শনেই তেওঁলােকৰ দায়িত্ব নহয় তেওঁলােকক সুস্থশৰীৰে ওভতাই নিয়াৰ কৰ্তব্য শিক্ষকসকলৰ। উশৃংখল অবাধ্য ছাত্রই সকলােকে বিপদত পেলােৱাৰ শংকা আছে। গতিকে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী সিমানতে বাতিল কৰিব খুজিছিল। অৰণ্য দর্শন কার্যসূচী বাতিল কৰা ঘােষণা শুনাৰ পাছত দলটোত যােৱা ছাত্র-ছাত্রী মাত হৰিল। কেইজনমান ছাত্ৰৰ গর্হিত কামে সকলােৰে আশাত চেঁচাপানী ঢালিলে। এনেতে পাহিয়ে এনে গর্হিত কামৰ বাবে সমুহ ছাত্ৰ-ছাত্ৰীৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক ক্ষমা বিচাৰিলে আৰু দুই এজনৰ দোষৰ বাবে কার্যসূচী বাতিল কৰি সকলাে ছাত্র-ছাত্রীক শাস্তি নিদিবলৈ বিনম্ৰ অনুৰােধ জনালে। প্রয়ােজনবােধে দোষী ছাত্র তিনিজনক আৰু অৰণ্যদর্শনৰ সুবিধা নিদি বাকীসকলক দর্শন কৰাবলৈ পাহিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্রতি আবেদন জনায়। পাহিৰ আহ্বানৰ প্রতি সকলাে ছাত্ৰ-ছাত্ৰীৰ লগতে পলেও সন্মতি জ্ঞাপন কৰে। তেওঁলােকে তেওঁলােকৰ দোষৰ বাবে শাস্তি হিচাপে তেওঁলােক তিনিটাক এৰি যাত্রা সফল কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুৰােধ জনায়। শেষত সকলাে ছাত্র-ছাত্রীয়ে অৰণ্যযাত্রা প্রসংগত একো একোখন ৰচনা প্রত্যেকে লিখিবলৈ আৰু পল, আফতাব আৰু সৌৰভে এই অৰণ্যদর্শনৰ সময়ত কৰা গর্হিত কর্ম খুলাখুলিকৈ ৰচনাত উল্লেখ কৰিব বুলি প্রতিশ্রুতি দিয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ বাকী কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্ত লয়। এই কাৰ্যসূচীত পলহঁতক অন্তর্ভুক্ত কৰে।

প্রঃ ১২। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উঃ মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম বন বিষয়া আছিল। তেখেতৰ প্ৰচেষ্টাত কাজিৰঙাৰ পৰা গড় প্রথমে আমেৰিকাৰ চিৰিয়াখানা গৈ পাইছিল। আমেৰিকাৰ চিৰিয়াখানাত অসমৰ কাজিৰঙাৰ গড়ে স্থান পােৱাত গড়ৰ বাসস্থান যে অসম এই কথা বিশ্ববাসীয়ে জানিব পাৰিছিল আৰু বিশ্ব মানচিত্রত কাজিৰঙাই স্থান লাভ কৰিবলৈ সক্ষম হয়। মুঠৰ ওপৰত বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজনেই হৈছে বন বিষয়া মহীচন্দ্ৰ মিৰি।।

প্রঃ ১৩। নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উঃ নিগনা চিকাৰীৰ প্রকৃত নাম হৈছে বাপীৰাম হাজৰিকা। তেওঁ প্রথমে লেডী কার্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল।

প্রঃ ১৪ | কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অবগত কৰিছিল?
উঃ শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰা অনুসৰি কাজিৰঙা যাত্ৰাৰ পৰা ছাত্র-ছাত্রীসকলে লােৱা বিশেষ শিক্ষাসমূহ হৈছে—(১) সকলােৱে নিজে কৰিব পৰা কাম নিজে কৰিব লাগে আনলৈ বাট চাব নালাগে। (২) গছ আৰু বনৰীয়া জীৱ- জন্তু মানুহৰ বন্ধু। গছ নহ’লে মানুহ জীয়াই থাকিব নােৱাৰে। (৩) দলীয়ভাৱে ক’ৰবালৈ গ’লে দলীয় অনুশাসন শৃংখলা মানি চলা প্রয়ােজন। (৪) ল’ৰা আৰু ছােৱালী সকলাে সমান। (৫) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা উচিত নহয়।

Audio Class অৰণ্য যাত্ৰা Class 10

Class 10 Assamese Chapter 11 Question Answer

প্রঃ অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত কি কি বস্তু নিছিল?

উঃ অৰণ্যযাত্ৰালৈ বুলি পাহিয়ে বেগত নিয়া বস্তুবােৰ আছিল—এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম আদি।

প্রঃ পলহঁত কোনখন অভয়াৰণ্যলৈ অৰণ্যযাত্ৰাত গৈছিল ?

উঃ কাজিৰঙা

প্রঃ পল আৰু পাহি কোন শ্রেণীত পঢ়ে?

উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে

Read More